কমাৰগাঁও, চন্দন বৰা: ৰাজ্যৰ সমাজ কল্যাণ বিভাগে খুমটাই সমষ্টিত কেইবাটাও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ হিচাপে বিবেচিত হোৱা অংগনবাড়ী কেন্দ্ৰসমূহৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ২৫ লাখ টকাকৈ আৱন্টন দিছে।

এই আঁচনিৰ অধীনত খুমটাই সমষ্টিৰ সেন্দুৰীটিং চাহ বাগিছাত মঙলবাৰে বিধায়ক মৃণাল শইকীয়াই এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহ শুভ উদ্ধোধন কৰে।

উল্লেখযোগ্য যে কঠালগুৰি খণ্ড উন্নয়ণ বিষয়া সঞ্জীৱ বৰা, ব্লক চেয়াৰমেন জ্যোতিপ্ৰসাদ শইকীয়া শাওতলী গাঁও পঞ্চায়তৰ সভানেত্ৰী বিমলা জালান, অংগনবাড়ী কৰ্মী লক্ষীপ্ৰভা পাতৰ আৰু লক্ষীমণি গঞ্জু আদিৰ লগতে সেন্দুৰীটিং চাহ বাগিছাৰ বিষয়া কৰ্মচাৰীৰ আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বিধায়ক শইকীয়া কন কন ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে।

ইফালে খুমটাই বিধানসভা সমষ্টিত ১১ খন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাৰ লগতে এই অংগনবাড়ী কেন্দ্ৰসমূহে শিশু সকলক শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়াব বুলি কয়।

লগতে পঢ়ক – মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষাখণ্ডৰ সৌজন্যত শ্ৰেষ্ঠ ৩০খন বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটক সম্বৰ্ধনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply