জামুগুৰিহাট, প্ৰাঞ্জল বৰুৱা: আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে গছ পুলি ৰোপন কৰা হয়।
আজি পুৱাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ কন্যকা কৃষি পামত বৃক্ষৰোপন কৰে। কন্যকা কৃষি পামত আজি পুৱাই বিধায়ক গৰাকীয়ে প্ৰায় দহ জোপাকৈ উন্নত প্ৰজাতিৰ গছ পুলি ৰোপন কৰে।
গছ পুলি ৰোপন কৰি বিধায়কগৰাকীয়ে কয়, “গছ থাকিলেহে মানুহ থাকিব । বিশ্ব পৰিৱেশ দিৱসৰ দিনা বুলিয়েই নহয় আমি প্ৰতি দিনাই এজোপাকৈ গছ পুলি ৰোপন কৰিলেহে প্ৰকৃতি জীয়াই থকাৰ লগতে ভাৰসাম্যতা বজাই ৰাখিব ।”
লগতে পঢ়ক – এছ আই জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন