নিউজ ডেস্ক: বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ। আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ এখন জৰুৰী বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
বুধবাৰে নিশা বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক গৰাকীয়ে বাঘবৰ ৰাজহ চক্ৰৰ ১ নং বৰদলনীগাঁৱত উপস্থিত হৈ বৰপেটা সত্ৰৰ ৪০ বিঘা মাটিত প্ৰশাসনে হাতত উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ লগতে উচনতিমূলক বক্তব্য প্ৰদান কৰাৰ অভিযোগ তুলিছে সত্ৰ পৰিচালনা সমিতিয়ে।
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পৌৰোহিত্যত সত্ৰৰ পাট চাঙত আজি অনুষ্ঠিত জৰুৰী বৈঠকত সত্ৰ পৰিচালনা সমিতিয়ে বিধায়ক গৰাকীৰ বিতৰ্কিত কৰ্ম-কাণ্ডক গৰিহণা। সমিতিয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।
উল্লেখযোগ্য যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ এক আৱেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে সত্ৰৰ ৪০ বিঘা মাটিত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিছিল, উক্ত নিৰ্দেশৰ ভিত্তিত বাঘবৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উক্ত স্থানলৈ গৈ বেদখলকৃত মাটি জোখ-মাখ কৰি সেই ভূমিৰ চাৰিসীমাত পকী খুটা পুতি থৈ আহিছিল।
জানিব পৰা মতে প্ৰশাসনে তাত থকা লোকসকলক সেই স্থানৰ পৰা উঠি যাবলৈ জাননীও জাৰি কৰিছিল। কিন্তু ইয়াৰ পিছত বুধবাৰে নিশা বিধায়ক শ্বেমান আলী সেই স্থানত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ লোকসকলক তাৰ উপা উঠি নাযাবলৈ আহ্বান জনায় কেতবোৰ উচতনিমূলক মন্তব্য দিছিল।
ইয়াৰ উপৰি সত্ৰ পৰিচালনা সমতিয়ে শ্বেৰমান আলীয়ে সত্ৰৰ সীমা খুঁটা উভালি পেলোৱা বুলিও অভিযোগ কৰিছে যদিও বিধায়ক গৰাকীয়ে সেই কথা অস্বীকাৰ কৰিছে।
লগতে পঢ়ক – আঢ়ৈ বছৰে আৰক্ষী বিষয়াক আক্ৰমণ কৰা কুখ্যাত গঁড় চিকাৰীৰ শুংসূত্ৰ নাই