মৰাণ : ৰাজ্যত পূৰ্ণগতিত ক’ভিডৰ টীকাকৰণ চলি আছে যদিও ক’ভিডৰ ভেকচিনক লৈ একাংশ লোকৰ মনৰ পৰা এতিয়াও ভয় আঁতৰা নাই। ফলত প্ৰতিষেধক প্ৰদানক লৈ বিভিন্ন সময়ত আমোদজনক পৰিস্থিতিৰো সৃষ্টি হয়।

উজনি অসমৰ মৰাণ নগৰৰ মাজমজিয়াত আজি ঘটে তেনে এক আমোদজনক ঘটনা। কোনোপধ্যে ভেকচিন ল’বলৈ মান্তি নহয় নগৰখনৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি। ভেকচিন দিবলৈ যোৱা দলটোৱে বাৰে বাৰে অনুৰোধ কৰিছে যদিও ককাই কোনো কাৰণতে ভেকচিন ল’ব নোখোজে।

আনকি চৰাইদেউ জিলাৰ উপয়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক সুধাকৰ সিং, অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা জ্ঞানেন্দ্ৰ ত্ৰিপাৰ্থীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ইণ্ডিকা গগৈ সহ স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্য কৰ্মী তেওঁৰ ঘৰত উপস্থিত হ’ব লগা হয়।

কিন্তু তেওঁলোকে বুজনি সত্ত্বেও ককায়ে বেজি নলয়। কাৰণ ককাৰ বহুত বেমাৰ, বুজাবলৈ লাগিল উপায়ুক্ত, অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা, আৰক্ষী অধীক্ষকৰ লগতে স্বাস্থ্যকৰ্মী বিষয়াই। তথাপিও নাই নলয় ককাই বেজি। প্ৰায় এঘণ্টা সময় বুজনি। নাই নলয়, ভাগৰি পৰিছে সকলো।

অৱশেষত মান্তি হল ভেকচিন ল’বলৈ কিন্তু ককাৰ চৰ্ত আছিল, মোক চেক আপ কৰি লব লাগিব। লগা লগে চেক আপ চলিল সকলো ঠিক । ভেকচিন দি গামোচা পিন্ধালে প্ৰশাসনে। প্ৰায় এঘণ্টাৰ পিছত শান্তিৰ উশাহ ললে প্ৰশাসন তথা স্বাস্থ্য বিভাগে।

আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চৰাইদেউ জিলাৰ উপয়ুক্ত পল বৰুৱা আৰু অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা জ্ঞানেন্দ্ৰ ত্ৰিপাৰ্থী জনাই যে চৰাইদেউ জিলাত প্ৰায় শেষ হৈছে ভেকচিন প্ৰদান কিছু সংখ্যক লোক হে বাকী সেইয়াও সম্পূৰ্ণৰ পথত লগতে নতুনকৈ ওলোৱা কভিড ভেৰিয়েণ্টৰ ওপৰত জনাই যে সেই বিষয়ে উৰ্দ্ধতম কতৃপক্ষৰ লগত আলোচনা চলি আছে সাজু হৈছে চৰকাৰ।

লগতে পঢ়ক : ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত ‘মাজুলী’ৰ স্ৰষ্টা নিলোৎপল বৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply