বোকাখাত, উত্তম কুমাৰ শৰ্মা: আৰক্ষীৰ তৎপৰতাত শুকুৰবাৰে পুৱা বোকাখাতৰ কুৰুৱাবাহীত বস্তাত বান্ধি থোৱা অৱস্থাত ৩০ টাৰো অধিক পোহনীয়া তথা পদপথৰ কুকুৰ উদ্ধাৰ কৰা হয়।
এই ঘটনাই বোকাখাতত এতিয়া কুকুৰ সৰবৰাহকাৰী এটা চক্ৰ সক্ৰিয় হৈ থকাৰ কথা পোহৰলৈ আনিছে।
অভিযোগ অনুসৰি এটা স্থানীয় এজেন্ট চক্ৰৰ সহযোগতে দীৰ্ঘদিন ধৰি বহিঃ ৰাজ্যলৈ কুকুৰৰ সৰবৰাহ চলি আহিছে।
জানিব পৰামতে ডিমাপুৰ, কহিমা, আইজল আৰু তুৰা আদিলৈ চোৰাংভাৱে কুকুৰৰ সৰবৰাহ কৰা হয়।
আজি ঘটনাস্থলীত আৰক্ষীৰ দল গৈ পোৱাৰ পূৰ্বেই আৰক্ষী অহাৰ উমান পাই গাড়ী এৰি কুকুৰ সৰবৰাহকাৰীদলটোৱে তাৰ পৰা পলায়ন কৰে।
আনহাতে কুকুৰ সৰবৰাহৰ সন্দেহত স্থানীয় ৰাইজে দুগৰাকী গাৰো মহিলাক আৰক্ষীক চমজাই দিয়ে যদিও মহিল দুগৰাকীয়ে গাহৰি কিনিবলৈ অহা বুলিহে আৰক্ষীৰ আগত কয়।
ইফালে কুকুৰ সৰবৰাহৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে উদ্ধাৰ কৰা কুকুৰ বিলাকক লৈ এতিয়া বিপাঙত পৰিছে বোকাখাত আৰক্ষী।
লগতে পঢ়ক – SBI-ত ৫০০৮ টা জুনিয়ৰ এছ’চিয়েটৰ পদত ওলাইছে চাকৰি