নিউজ ডেস্ক: ঢকুৱাখানাত আজি গণ প্ৰহাৰত প্ৰাণ গ’ল ‘মষ্ট ৱানটেড’ অপৰাধী ৰাজু বৰুৱা ওৰফে গেৰজাইৰ। আজি পুৱা ঢকুৱাখানাৰ কিলাকিলি নদীৰ পাৰত ৰাইজৰ প্ৰহাৰত তেওঁ মৃত্যুক সাবটি লয়।

প্ৰাপ্ত তথ্য মতে, বিভিন্ন গোচৰত বিভিন্ন কেইবামাহ ধৰি জেইলত থকা কুখ্যাত অপৰাধীজনে যোৱা ১৬ আগষ্টত ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ চৌহদত হাজিৰ কৰোৱা সময়তে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আত্মগোপন কৰি আছিল।

তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল যদিও ইমান দিনে কোনো সন্ধান পোৱা নাছিল। পিছত আজি পুৱা ঘুনাসুতি সংযোগী পথৰ বাসুদেৱ দলঙৰ তলত গেৰেজাইক অচেতন অৱস্থাত পৰি থকা দেখা পাই স্থানীয় ঘিলামৰা আৰক্ষী থানাক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গেৰেজাইক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনা সম্পৰ্কত লখিমপুৰৰ আৰক্ষী অধীক্ষক বি এম ৰাজখোৱাই ইষ্ট ম’জ’ক জনাই যে নিহত ৰাজু বৰুৱা ওৰফে গেৰজাই হত্যা, ধৰ্ষণ, ডকাইতি, ধন দাবী, অপহৰণকে ধৰি বিভিন্ন অপৰাধৰ সৈতে জড়িত আছিল।

‘’ইয়াৰ আগতেও তেওঁ বহু কেইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল। বহুতৰ সৈতে তেওঁ শত্ৰুতা আছে। ইয়াত তেওঁক কোনেও ভাল নাপায়। কোনে আক্ৰমণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হয়টো তেওঁ বিৰুদ্ধে আখেজ থকা গাঁৱৰ মানুহেই এই কাম কৰিলে। অৱশ্যে আমি বিষয়টোৰ তদন্ত কৰি আছো আৰু শীঘ্ৰে সকলো কথা পোহৰলৈ আহিব,’’ ৰাজখোৱাই কয়।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও বাতৰি যুগুত কৰা সময়লৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই।

লগতে পঢ়ক – ভাৰতৰ নিৰাপত্তাত প্ৰভাৱ! পাকিস্তানৰ ইউটিউব চেনেল Block

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply