কলিয়াবৰঃ অসম পৰ্বতাৰোহন সন্থাই এইবাৰো আয়োজন কৰিছে শীতকালীন দুঃসাহসীক অভিযান। লাডাখত হ’বলগীয়া ট্ৰেকিং, চাইক্লিং আৰু ইউ টি কাংৰী শিখৰ (৬০৭০ মিটাৰ) অভিযানৰ নিৰ্বাচিত মুঠ ২২ জন অভিযাত্ৰীৰে গঠন হোৱা দলটোৰ ট্ৰেকিং অভিযানৰ সদস্য সকল ইতিমধ্যেই লাডাখলৈ ৰাওনা হৈছে।
সন্থাটোৰ জ্যেষ্ঠ সদস্য সকল আৰু ক্ৰীড়া সঞ্চালকালয়ৰ কেইবাজনো বিষয়ৰ উপস্থিতিত বুধবাৰে অসম ক্ৰীড়া আৰু যুৱকল্যান মন্ত্ৰী বিমল বৰাই ফ্লেগ অফ কৰি সমান্তৰালকৈ হ’ব লগীয়া অভিযান কেইটাৰ শুভ উদ্বোধন কৰে।
মানস বৰুৱাৰ নেতৃত্বত হ’বলগা মাউন্ট ইউ টি কাংৰী অভিযানত অংশগ্ৰহণ কৰিবলৈ যোৱা সদস্য সকল ক্ৰমে- উপেন চক্ৰৱৰ্তী, ডা° জগদ্বীশ বসুমতাৰী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মনোজ কুমাৰ পাটোৱাৰী। ফেব্ৰুৱাৰী মাহত শূন্যৰ তলৰ তাপমানত উক্ত শিখৰত অভিযানৰ বাবে যোৱা এইটোৱেই হ’ব অসমৰ প্ৰথমটো পৰ্বতাৰোহী দল।
শেখৰ বৰদলৈৰ নেতৃত্বত হ’বলগা চাইক্লিং অভিযানটোৰ আন সদস্যসকল হ’ল ক্ৰমে- চন্দোৎপল গগৈ, দৃষ্টি কাশ্যপ বৰদলৈ, নিৰজ বৰা, আৰু কৃশানু বৰা। সৰ্বনিম্ন প্ৰায় -২০ৰ পৰা -২৫ ডিগ্ৰী উষ্ণতাত জনপ্ৰিয় খাৰ্দোংলা পাছৰ পৰা নোব্ৰা ভেলিলৈ চাইকেল চলাবলৈ সাজু হোৱা দলটোৱে সাগৰ পৃষ্ঠৰ ১১০০০ ফুট উচ্চতাৰ পৰা ১৯০০০ ফুট উচ্চতা পৰ্যন্ত চাইক্লিং কৰিব।