বোকাখাত, উত্তম কুমাৰ শৰ্মা: বৃহস্পতিবাৰে বোকাখাতৰ লতাবাৰীস্থিত ৰাজহুৱা শ্মশানস্থলীৰ এটি নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

২০১৭-১৮ বিত্তিয় বৰ্ষৰ ২০ লাখ টকা সাংসদ পুঁজিৰে নিৰ্মাণ কৰা হৈছে উক্ত ভৱনটো। ২০২০ বৰ্ষৰ ক’ভিডকালীন পৰিস্থিতিৰ সময়তে ভৱনটো নিৰ্মাণৰ বাবে সন্মতি প্ৰদান কৰিছিল সাংসদ গৰাকীয়ে।

আগন্তুক দিনত ৰাজহুৱা শ্মশানখনিক আৰু অধিক সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত ল’ব বুলিও জনায় কলিয়াবৰ সমষ্টিৰ সাংসদ গৰাকীয়ে। লগতে বোকাখাত নগৰৰ সমস্ত আৱৰ্জনা ৰাজহুৱা শ্মশানখনৰ কাষতে দ’মাই থোৱাৰ ফলত বাৰিষা হ’লেই উক্ত আবৰ্জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা ডিফলু নদীক প্ৰদূষিত কৰাৰ লগতে বিশ্ব ঐতিহ্য কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যলৈও ভাবুকি কঢ়িয়াই অনা সন্দৰ্ভত অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় সাংসদগৰাকীয়ে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে যথেষ্ঠ সংখ্যক দলীয় তথা জেষ্ঠ কৰ্মীৰ লগতে বোকাখাতৰ ৰাজহুৱা ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতত নৱনিৰ্মিত সমুহীয়া ভৱনটি উদ্বোধন কৰাৰ লগতে স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অনাগত সময়ত বোকাখাত ৰাজহুৱা শ্মশানখনক বৈদ্যুতিক পৰিচালিত শ্মাশানলৈ উন্নিত কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে সাংসদ গৰাকীয়ে।ইয়াৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে আলোচনাত বহাৰ কথাও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।

লগতে পঢ়ক – সাংসদ কুইন ওজা ক’ভিড-১৯ত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply