সোণাৰি: অসম-নগালেণ্ড সীমান্তৰ চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৩০০ বিঘা মাটি নগা দুৰ্বৃত্তই বেদখল কৰি বনাঞ্চলৰ ভিতৰত গাঁও স্থাপন কৰাৰ লগতে ৰবৰৰ বাগিচা স্থাপন কৰা বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতো ৰাজ্যৰ বন বিভাগ তথা গৃহ বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।
যাৰ পৰিণতিত যোৱা ২৪ জুলাইত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাৰ ৱাংলা এলেকাৰ ৰজাসহিতে পাঁচজনকৈ লোক আহি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ চিংলোপথাৰৰ গাওঁ বুঢ়া তথা স্থানীয় লোকক এক প্ৰকাৰ সকিয়নী প্ৰদান কৰি ৱাংলা সীমান্তত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মাটি খিনি নগালেণ্ডৰ বুলি দাবী কৰে।
চিংলোপথাৰৰ গাওঁ বুঢ়া লোচন সোণোৱালে জানিবলৈ দিয়া অনুসৰি ৱাংলাৰ ৰজা লি ওৱাং পাঁচজনীয়া নগা দল এটাৰ লগত বিগত ২৪ জুলাইত চিংলোপথাৰলৈ আহি অসম-নগালেণ্ড সীমান্তৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মাটি খিনি এসময়ত অসমক নগাই দান দিয়া বুলি অৱগত কৰাৰ লগতে অসমৰ লগত নগালেণ্ডৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা অৱগত কৰে আৰু দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তবৰ্তী এলেকাৰ ৰাইজক অৱগত কৰিব লাগিব বুলি মন্তব্য কৰে।
ইমানখিনিলৈকে ঠিকেই আছিল, চিংলোপথাৰবাসীয়েও ভাল পাইছিল এই কথা। কিন্তু নগাৰজা লি ওৱাং সহিতে পাঁচজনীয়া নগা দলটো ঘুৰি যাবৰ সময়তে চিংলোপথাৰৰ গাওঁবুঢ়াক এক প্ৰকাৰ সকিয়নী প্ৰদান কৰি ৱাংলা সীমান্তত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মাটি নগালেণ্ডৰ বুলি দাবী কৰাৰ লগতে চৰকাৰে সীমা নিৰ্ধাৰণ কৰিলে বনাঞ্চল খনৰ চিংলোপথাৰ, টংঙিয়া, জানকীপথাৰ, খেৰবাৰী, নগানদী আদি অঞ্চল নগালেণ্ডক লাগিব বুলি মন্তব্য কৰি আঁতৰি যায়।
ইয়াৰ পাছতেই এতিয়া চিংলোপথাৰ অঞ্চলত এক চেঁপা উত্তেজনাই গা কৰি উঠে আৰু পিছদিনাই গাওঁবুঢ়াই স্থানীয় এখন ৰাজহুৱা সভাযোগে এই কথা ৰাইজক অৱগত কৰাত এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তবৰ্তী এই অঞ্চলটোত ১৯৫৮ চন মানতেই সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত বিমলা প্ৰসাদ চলিহা চৰকাৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত একাংশ লোকক বনাঞ্চল খনৰ এই স্থানত সংস্থাপন কৰিছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
তেতিয়াৰ পৰাই সীমান্তৰ প্ৰহৰী হিচাপে বসবাস কৰি অহা বাসিন্দা সকলক শেহতীয়াকৈ নগালেণ্ডৰ লোক আহি একপ্ৰকাৰৰ সকিয়নী প্ৰদান কৰা কাৰ্যই এতিয়া আতংকিত কৰি তুলিছে। ইফালে এই কথা পোহৰলৈ অহাৰ পাছতেই আজি চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু সোণাৰি আঞ্চলিক বন বিষয়া ধীমাংশু ধীৰু শইকীয়া চিংলোপথাৰত উপস্থিত হৈ গাওঁবুঢ়া তথা স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হয় আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে।
লগতে পঢ়ক অসম আৰক্ষীৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰৰ জৰিয়তে অৰুণাচলীৰ ব্লুপ্ৰিণ্ট