পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত:অসমৰ বনাঞ্চলত অগ্নিসংযোগ অস্ত্ৰধাৰী নগাৰ।মৰিয়নিৰ তিৰুহিলচ বনাঞ্চলত শ শ সেউজবনভূমি কাটি তহিলং।অগ্নিসংযোগৰ ফলত বিস্তৰ ক্ষতিসাধন বনাঞ্চলখনৰ।নগাৰ দুবৃত্তৰ আগ্ৰাসনত আতংকিত এতিয়া সীমান্তবাসী।
নিৰ্বিকাৰ অসম চৰকাৰ,আৰক্ষী।আনহাতে নগাৰ দৌৰাত্ম্য দেখিও চকুমুদা কুলিৰ ভাও গেৰুৱা বিধায়ক ৰূপজ্যোতি কুৰ্মী।কংগ্ৰেছৰ বিধায়ক হৈ থকা সময়ত সততে সীমান্তত নগা দৌৰাত্ম্য ৰ বিৰুদ্ধে চিঞৰ বাখৰ কৰি সংবাদ মাধ্যমৰ শিৰোমণি হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপিৰ বিধায়ক হোৱা পিছৰ পৰাই নগা সমস্যাৰ কথাত মূৰ নুঘোমোৱা হল।
উল্লেখযোগ্য যে মৰিয়ণীৰ সীমান্ত অঞ্চলত প্ৰায় নগাৰ বেদখল আৰু দৌৰাত্ম্য সঘনাই সংঘটিত হৈ আহিছে।পুনৰ তিৰুহিলছত ৩০ বিঘা ভুমিত থকা সেউজীয়া উদ্ভিদ জ্বলাই ছাৰখাৰ কৰিলে নগাই।আনহাতে অসম নাগালেণ্ড নিদ্ধাৰীত সিমান্তৰ পৰা ১০ কিলোমিটাৰ আগুৱাই আহি তিৰুহিলছত নগাৰ এই ঘটনাৰ পাছত কোনোধৰণৰ প্ৰতিক্ৰিয়া নাই অসম আৰক্ষী,বিধায়ক তথা বন বিভাগৰ।