নিউজ ডেস্ক : অসম-মিজোৰাম সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজৰ পৰিস্থিতি ক্ৰমাৎ অধিক জটিলতাৰ পিনে গতি কৰাৰ সময়তে অসম-নাগালেণ্ডৰ মাজত অব্যাহত থকা সীমা সমস্যাৰ অধিক অৱনতি নঘটে তাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মাজত আজি এক শীৰ্ষ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

শুকুৰবাৰে ডিমাপুৰত ৰাজ্য দুখনৰ মুখ্য সচিবৰ মাজত অনুষ্ঠিত এই বৈঠকত মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ নিজৰ আৰক্ষী শিবিৰ আঁতৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আৰক্ষী শিবিৰ আঁতৰাই অনাক লৈ ৰাজ্য দুখনে আজি এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। সেই মৰ্মে দুয়োটা পক্ষই ২৪ ঘণ্টাৰ ভিতৰত বিবাদমান সীমান্ত অঞ্চলখিনিৰ পৰা সামৰিক বাহিনী আঁতৰাই আনিব।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ মৰিয়নীৰ সীমান্ত দিছৈভেলী সংৰক্ষিত বনাঞ্চলত দুয়োখন ৰাজ্যৰ মাজত সীমা সংঘাট চলি আহিছে। যোৱা মে’ মাহত অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি নাগা দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনা সংঘটিত হৈছিল।

নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টন আৰু অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু নাগালেণ্ডৰ মুখ্য সচিব জে আলমৰ মাজত আজি বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়।

লগতে পঢ়ক : গুৱাহাটীত দিন-দুপৰতে যৌন নিৰ্যাতন চলাবলৈ অহা যুৱকক ‘শিক্ষা’ দিলে সাহসী যুৱতীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply