নিউজ ডেস্ক: সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁও আছু নেতাৰ এনকাউণ্টাৰৰ সৈতে জড়িত নগাঁও এণ্টি-নাৰ্কোটিক স্কোৱাড ভংগ কৰা হৈছে।
নগাঁও ঘটনা সন্দৰ্ভত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে দাখিল কৰা প্ৰতিবেদনৰ পিছত মঙলবাৰে গৃহ বিভাগে আৰক্ষী সঞ্চালক প্ৰধানক দিয়া নিৰ্দেশৰ ভিত্তিত ভংগ কৰা হয় নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাড।
ইয়াৰ উপৰি আছু নেতা তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰাক ভৰিত গুলীচালনা কৰা নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে পদৰ পৰা নিলম্বন কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰীত নগাঁৱৰ কাচোলুখোৱা তিনিআলীত নগাঁৱৰ নাৰ্কোটিক স্কোৱাডৰ দলে আছু নেতা কীৰ্তি কমল বৰাক ভৰিত গুলীয়াই আহত কৰিছিল। ঘটনাৰ পিছদিনা ২৩ জানুৱাৰীত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নৃতৃত্বত এজনীয়া অনুসন্ধান আয়োগ গঠন কৰিছিল।
বৰঠাকুৰৰ প্ৰতিবেদনৰ ভিত্তিত আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি নিলম্বিত প্ৰদীপ বনিয়াৰ বাহিৰে উক্ত স্কোৱাডৰ আটাইকেইজনকে অন্য জিলালৈ বদলিৰ নিৰ্দেশ দিয়া হয়। উল্লেখযোগ্য যে উক্ত ঘটনা সন্দৰ্ভত ৰুজু দুয়োটা গোচৰ ইতিমধ্যে চি আই ডিলৈ হস্তান্তৰৰ নিৰ্দেশ হৈছে।
আনহাতে প্ৰতিবেদনৰ পিছতে আনন্দ মিশ্ৰই আজি এখন সংবাদমেল সম্বোধন কৰি আছু নেতা কীৰ্তি কমল বৰাক গুলীচালনা কৰা সিদ্ধান্ত ‘ক্ষমতাৰ অপব্যৱহাৰ’ আছিল বুলি স্বীকাৰ কৰে। অৱশ্যে ড্ৰাগছৰ বিৰুদ্ধে চলাই যোৱা অভিযান অব্যাহত থাকিব বুলি মিশ্ৰই লগতে কয়।
লগতে পঢ়ক – ডায়েট চাবুৱাত হাতে লিখা আলোচনী ‘সৃজন’ উন্মোচন