নগাঁও: কৰ্ণাটকত অনুষ্ঠিত পোন্ধৰসংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্টছ এণ্ড আর্ট টিচাৰ্ছ আর্ট প্রতিযোগিতা (২০২২)-ত অংশগ্ৰহণ কৰি নগাঁৱৰ ৰিচিতা ভট্টাচাৰ্য্যই কলা ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 

ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ৰিচিতা ভট্টাচাৰ্য্যই সোণৰ পদক লাভ কৰিছে।‌ নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্রাফটত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰি থকা ৰিচিতা নগাৱঁৰ মিছন উচ্চ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰী। 

উল্লেখযোগ্য যে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পর্যায়ৰ প্রতিযোগিতা আয়োজন কৰি আহিছে। এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনত তামিলনাড়ু, মহাৰাষ্ট্ৰ, গুজৰাট, অসম, নতুন দিল্লী আদিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। 

নগাঁৱৰ কাৰিকৰী শিক্ষা মহাবিদ্যালয়ৰ সমীপৰ বিশ্বজিৎ ভট্ৰাচাৰ্য আৰু বৈশালী ভট্ৰাচাৰ্যীৰ সন্তান ৰিচিতাই পূৰ্বেও বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ পাঠ্যপুথিৰ শিক্ষা গ্ৰহণ কৰাৰ উপৰিও ৰিচিতাই ছবি অংকন কৰি যথেষ্ঠ আনন্দ লাভ কৰে৷ 

লগতে পঢ়ক – গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্রাক্তন আৱাসীৰ প্ৰৱেশ নিষেধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply