নিউজ ডেস্ক : ভোগালী বিহু উপলক্ষে ৰাজ্যৰ চাৰিওফালে আনন্দমুখৰ পৰিৱেশ। ক’ভিডৰ মাজতো আজি গোটেই ৰাজ্যতে সকলোৱে হাঁহি আনন্দৰে ভোগালী বিহু পালন কৰিছে।
কিন্তু ইয়াৰ মাজতে বন্ধ হৈ পৰা জাগীৰোডৰ কাগজ কলৰ কৰ্মচাৰীসকলে পাব লগীয়া বেতনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। যোৱা ৬০ মাহে দৰমহা নাপাই হাহাকাৰ কৰিছে একাংশ কৰ্মচাৰীয়ে।
যাৰ ফলত ভোগালী বতৰতো হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিত পৰিছে কৰ্মচাৰীসকল।
উল্লেখযোগ্য যে চুক্তি অনুসৰি ৰাজ্য চৰকাৰে কাগজ কলৰ কৰ্মচাৰীসকলৰ দৰমহাৰ বাবদ ৫৭০ কোটি টকা মুকলি কৰি দিয়াৰ কথা আছিল। কিন্তু এইপৰ্যন্ত ইয়াৰ এক পইচাও চৰকাৰে মুকলি কৰি দিয়া নাই।
কেইবা বছৰৰ পৰা পাবলৈ থকা দৰমহাৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰীৰ বাবে ভোগালী বিহুৰ সময়তো চৰকাৰে কোনেধৰণৰ চিন্তা নকৰাৰ বাবে কৰ্মচাৰীসকল ক্ষোভিত হৈ পৰিছে।
লগতে পঢ়ক – ভাৰতীয় ষ্টেট বেংকৰ সোণাৰি শাখাক কণ্টেইনমেণ্ট জ’ন ঘোষণা