নিউজ ডেস্ক: বটদ্ৰৱাত আৰক্ষী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ সৈতে জড়িত আন এজন লোকক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। তেওঁৰে সৈতে উক্ত কাণ্ডত এই পৰ্যন্ত ১০জনক গ্ৰেপ্তাৰ কৰা হয়।
বটদ্ৰৱা আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ঘৰ নগাঁৱৰ হাইডুবি গাঁৱত।
আনহাতে, মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱত অভিযান চলাই ওমৰ ফাৰুক নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখযোগ্য যে ছফিকুল ইছলাম নামৰ এজন লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ অভিযোগ তুলি যোৱা শনিবাৰে একাংশ লোকে বটদ্ৰৱা থানা আক্ৰমণ আৰু জ্বলাই দিছিল।
উক্ত ঘটনাৰ সৈতে জড়িত থকা ৩৪জন অভিযুক্তক আৰক্ষীয়ে চিনাক্ত কৰা বুলি জানিবলৈ দিছে আৰু ইয়াৰে ১০ জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক – চৰাইদেউৰ নাহৰহাবি চাহ বাগিছা আৰু হিংৰিজান চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন