নগাঁও: শনিবাৰে নগাঁও আৰক্ষীয়ে বটদ্ৰৱা কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই এখন সংবাদমেল সম্বোধন কৰি ৭৯পৃষ্ঠাৰ চাৰ্জশ্বীটখন দাখিল কৰে।

চাৰ্জশ্বীট দাখিল কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে নগাঁও আৰক্ষীয়ে গোচৰটোৰ ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে অনুৰোধ জনাব।

আনহাতে নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ আঁৰত জেহাদী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে আৰক্ষীলৈ মাদ্ৰাছাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ আহিছে যাতে সন্দেহজনক গতিবিধি দেখা পালে অভিযান চলাব পাৰে।   

উল্লেখযোগ্য যে আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি একাংশ লোকে যোৱা ২১ মে’ত নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিছিল।  

উক্ত ঘটনাৰ সৈতে ২৫ জন লোকক অভিযুক্ত কৰা হৈছিল আৰু ইয়াৰে ১১ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আটক কৰাসকলৰ ২জন অভিযুক্ত নাবালক হোৱাৰ বাবে তেওঁলোকক জুবেইনেল কাৰাগাৰলৈ প্ৰেৰণ।

আনহাতে এজন অভিযুক্তৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানেও গোচৰটোৰ মূল অভিযুক্ত জ্যোৎস্না বেগম নামৰ মহিলাগৰাকীকে ধৰি ১৩জন অভিযুক্ত পলাতক অৱস্থাত আছে।

লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply