নিউজ ডেস্কঃ এটা ভিডিঅ’ ৰ জৰিয়তে একে ৰাতিতে জনপ্ৰিয় হৈ পৰা কৰিশ্মা নাথৰ নাগাৰা নাম এতিয়া অসমৰ আকাশে বতাহে। সামাজিক মাধ্যত এতিয়া কৰিশ্মা নাথৰ নাগাৰা নামৰ যিকোনো ভিডিঅ’ আপুনি দিনটোত এইবাৰ হ’লেও প্ৰত্যক্ষ কৰে।

কিন্তু যুৱ প্ৰজন্মৰ নতুন সৃষ্টি আৰু ধাৰণাত এতিয়াও একাংশয়ে যে মানি ল’ব নিবিচাৰে সেয়া কৰিশ্মা নাথৰ ক্ষেত্ৰত স্পষ্টকৈ দেখা গৈছে।

শনিবাৰে ছিপাঝাৰত সদৌ অসম নাগাৰা নাম সংঘই সংবাদমেল অনুষ্ঠিত কৰি কাশ্মিৰা নাথৰ লগতে ইউটিবাৰ, সাংবাদিক উভতি ধৰে সংঘটোৱে।

সংঘটোৰ সাধাৰণ সম্পাদক নিপন দত্ত আৰু সভাপতি বলোৰাম বৈশ্যই সংবাদমেলটো সম্বোধন কৰি কয় যে, ‘নাগাৰা নাম সংঘ ভোজ খোৱা সংঘ নেকি ?’ লগতে কয় তেওঁলোকে কৰিশ্মা নাথক ক্ষমা খোজাৰ বাবে একধৰণে দাবী উত্থাপন কৰে। যদি কৰিশ্মা নাথে ক্ষমা নোখোজে তেতিয়া হ’লে অনাগত দিনত তাই বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, সদৌ অসম নাগাৰা নাম সংঘই যিমানই বিৰোধিতা কৰিছে সিমানেই যে এতিয়া দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply