কমাৰগাঁও (গোলাঘাট) : গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকী অন্তৰ্গত বৰগৰীয়াত সোমবাৰে ধনশিৰি নদীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়।
প্ৰাপ্ত তথ্য মতে স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিছতে খুমটাই আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় যদিও নিশা হৈ অহাৰ বাবে উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।
পিছত আজি পুৱা খুমটাই আৰু কমাৰগাঁও আৰক্ষীৰ এটি দল উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নৈ বুকুৰ পৰা এটা অৰ্ধ উলংগ মহিলাৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি কেইবাদিনো ধৰি পানীত থকাৰ বাবে মৃতদেহটো চিনাক্ত কৰিবলৈ কঠিন হৈ পৰিছে।
প্ৰায় ৩০-৩২ বছৰীয়া মহিলা গৰাকী অৰ্ধ উলংগ হৈ নৈত উটি অহালৈ চাই তেওঁক কোনো লোকে হত্যা কৰি ধনশিৰি নদীত পেলাই দিয়াৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে।
ইতিমধ্যে কমাৰগাঁও আৰক্ষীয়ে নদীৰ বুকুৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।