বোকাখাত, উত্তম কুমাৰ শৰ্মা: যি সময়ত অসম চৰকাৰৰ নেতৃত্বত চাহ বাগিচা অঞ্চল তথা বাগিচা সমূহত চাহ শ্ৰমিক সকলৰ ক্ষেত্ৰত বিভিন্ন উন্নয়নমুলক আঁচনি ৰূপায়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে তেনে সময়তে বোকাখাতৰ এখন চাহ বাগিচাত শ্ৰমিক অধিকাৰৰ ক্ষেত্ৰত এখন বিপৰীত ছবিহে দৃষ্টিগোচৰ হৈছে।

বাগিচাখনৰ অন্তৰ্গত টিপুজান শাখা বাগিচাত বিভিন্ন সময়ত শ্ৰমিকসকল মালিকপক্ষৰ দ্বাৰা অৱহেলিত হৈ অহাৰ লগতে জীৱন ধাৰণৰ ক্ষেত্ৰত নিম্নতম অধিকাৰৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে বোকাখাত মহকুমাৰ অন্তৰ্গত ২১খন সৰু-বৰ চাহ বাগিচাৰ ভিতৰত অন্যতম হিচাপে বিবেচিত নাহৰজান চাহ বাগিচা বোকাখাতৰ দক্ষিণে থকা সেউজ কাৰ্বি পাহাৰৰ সীমামুৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে বাগিচা শ্ৰমিক সকলে পদে পদে বন্যহস্তীৰ লগতে অন্য বন্য জীৱৰ আক্ৰমণৰ সন্মুখীন হ’ব লগীয়া হয়।

ইয়াৰ উপৰিও ৰাষ্টা-ঘাটৰ সমস্যাৰ লগতে বিশুদ্ধ খোৱা পানী তথা চিকিৎসা সম্বন্ধীয় সমস্যাৰে জৰ্জৰিত বাগিচাখনৰ শ্ৰমিকসকল। বিশুদ্ধ খোৱাপানীৰ নামত আজিও বাগিচাখনৰ শ্ৰমিকসকলে সেৱন কৰি আহিছে পাহাৰীয়া জান-জুৰিৰ পানী। ইয়াৰ উপৰি বাগিচাখনৰ অধীনস্থ বহু এলেকাত যাতায়ত ব্যৱস্থা দুৰ্গম হোৱা হেতুকে মহিলা শ্ৰমিকৰ ওপৰত শ্লীল্লতাহানীৰ দৰে ঘটনাও সংঘটিত হোৱাৰ অভিযোগ আছে।

আনহাতে, চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকৰ অভাৱৰ লগতে ঔষধ-পাতিৰ অভাৱ তথা জৰুৰীকালীন সময়ত এম্বোলেঞ্চৰ অভাৱত বহু সময়ত ৰুগীয়ে বিনা চিকিৎসাই মৃত্যুবৰণ কৰিব লগা হৈছে বাগিচাখনত। যাৰ বাবে বিভিন্ন সময়ত চাহ বাগিচাখনত মালিকপক্ষৰে শ্ৰমিকৰ সংঘাত সৃষ্টি হোৱাৰ লগতে উত্তপ্ত  পৰিস্থিতিৰো উদ্ভৱ হোৱা দেখা যায়।

প্ৰায় পাঁচ সহস্ৰাধিক চাহ জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলটোৰ বাগিচাখনৰ মুল চিকিৎসালয়খনত  বহু বছৰ ধৰি নাই এজনো স্থায়ী চিকিৎসক, নাই পৰ্যাপ্ত ঔষধ-পাতিৰ লগতে নাই সু- চিকিৎসা সেৱাৰ ব্যৱস্থা। কিন্তু বাগিচাখনৰ অধীনস্থ চিকিৎসালয়খনলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ public private partnership(ppp) ৰ অধীনত বছৰি ৭.৫ লাখ টকা আৱন্টন দিয়া হয় যদিও উক্ত ধনৰ সঠিক ব্যৱহাৰ নোহোৱাৰ অভিযোগ ভাৰতীয় চাহ মদজুৰ সংঘৰ বোকাখাত শাখাই উত্থাপন কৰাৰ বিপৰীতে এইক্ষেত্ৰত বোকাখাতৰ চাহ জনগোষ্ঠীয় ছাত্র সংগঠন সমুহে পালন কৰি আহিছে নিৰ্লিপ্ত ভূমিকাহে।

ইফালে দীৰ্ঘদিনৰ পৰা অনিয়মীয়াভাৱেহে বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা ৰেচন যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে শ্ৰমিক সকলে। তেওঁলোকৰ মতে মালিকপক্ষৰ অৱহেলাৰ বাবেই অৱসৰ গ্ৰহণৰ ৩/৪ বছৰ উকলি যোৱাৰ পাছতো শ্ৰমিকে লাভ নকৰে পি এফ অথবা গ্ৰেচুৱেটিৰ ধন।

বাৰেকুৰি সমস্যাৰে জৰ্জৰিত শ্ৰমিকসকলে বিভিন্ন সময়ত বাগিচা কৰ্তৃপক্ষ তথা মালিকপক্ষৰ ওচৰত সমস্যাৰ সমাধান বিচাৰি আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত শ্ৰমিকৰ সমস্যাৰ প্ৰতি আওকণীয়া মনোভাৱহে প্ৰকাশ কৰি আহিছে বাগিচা কৰ্তৃপক্ষই।

 আনহাতে নিৰ্বাচনৰ সময়ত চাহ বাগিচা শ্ৰমিকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা  ৰাজনৈতিক দল সমুহে কিন্তু এনে বিপৰ্য্যয়ৰ সময়ত কোনো দিনেই বাগিচা শ্ৰমিকসকলৰ অধিকাৰৰ প্ৰশ্নত ঠিয় দিয়া দেখা নাযায়।

যাৰ পৰিপ্ৰেক্ষিতত বাগিচাখনত শ্ৰমিকসকলে দীৰ্ঘদিনে ন্যাৰ্য অধিকাৰৰ ক্ষেত্ৰত ভোগ কৰি অহা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি তথা বাগিচা কৰ্তৃপক্ষৰ স্বৈৰাচাৰীতাৰ শীঘ্ৰে অৱসান বিচাৰি ভাৰতীয় চাহ মদজুৰ সংঘৰ বোকাখাত শাখাই ইতিমধ্যে স্থানীয় মহকুমা প্ৰশাসনৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে শ্ৰম মন্ত্ৰী, স্থানীয় বিধায়ক আৰু উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply