গুৱাহাটী : ক’ভিডত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যুক সাবটি ল’লে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম), অসমৰ এগৰাকী বিষয়া বদন দাসে।
ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এন এইচ এমৰ কাৰ্য্যালয় প্ৰবন্ধক বদন দাসৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।
আগশাৰীৰ স্বাস্থ্য কৰ্মী গৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে। টুইটাৰত মুখ্য মন্ত্ৰী গৰাকীয়ে শোক ব্যক্ত কৰি কয়, ‘আজি জি এম চি এইচত ক’ভিত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা এন এইচ এমৰ কাৰ্য্যালয় প্ৰবন্ধক বদন দাসৰ মৃত্যুত মৰ্মাহত হৈছো। গুৱাহাটী বিমানবন্দৰত ক’ভিডৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে তেওঁক মনত ৰখা হ’ব। ‘
লগতে পঢ়ক : খেতিৰ সহজ টিপছ : জানক পেলনীয়া শাক-পাচলি কিদৰে পুনৰ ৰোব পাৰি
বুধবাৰৰ দিনটোত অসমত ৭১ জন ক’ভিড ৰোগীৰ মৃত্যু হয়। বৰ্তমান ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৯০৯ গৰাকী। কালিৰ দিনটোত ৫,৬৫৭ গৰাকী ক’ভিড পজিটিভ ব্যক্তি চিনাক্ত কৰা হয়।
ৰাজ্যত বৰ্তমান ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩,১০,০৮৬ গৰাকী।