নিউজ ডেস্ক : এন চি চি (NCC)-ৰ ৫০ নং আছাম এয়াৰ স্কুৱাড্ৰনৰ কেডেট আণ্ডাৰ অফিচাৰ নেপো মইৰাংথেমে বায়ু সেনাৰ প্ৰৱেশ পৰীক্ষা Air Force Common Admission Test চমুকৈ AFCAT উত্তীৰ্ণ কৰি এগৰাকী ফ্লাইং অফিচাৰ হিচাপে বায়ু সেনাত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিছে।

কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে কেডেট গৰাকীয়ে অতি কঠিন এছ এছ বি পৰীক্ষা উত্তীৰ্ণ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাও উত্তীৰণ কৰে। কামাণ্ডিং অফিচাৰ গ্ৰোপ কেপ্টেইন ৰবিন বিশইয়ে তেওঁক সহায় কৰিছিল।

ইয়াৰ পূৰ্বে মইৰাংথেমে সৰ্ব ভাৰতীয় বায়ু সৈনিক শিবিৰত এইৰোমডেলিঙত Guwahati Group Headquarters আৰু North Eastern Region Directorate – ক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁতকৈ জ্যেষ্ঠ কেডাৰ সকলৰ মতে মইৰাংথেম এগৰাকী অতি সুদক্ষ এইৰোমডেলাৰ আৰু ‘গোটটোৰ বাবে এগৰাকী সম্পদ’।

বায়ু সেনাৰ ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি হোৱাৰ খবৰে তেওঁৰ লগতে গোটটোৰ সকলো কেডাৰক আনন্দিত কৰি তুলিছে।

লগতে পঢ়ক : সতীৰ্থৰ গুলীত নিহত দুই বি এছ এফ জোৱান; আন এজন আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply