মঙলদৈ, প্ৰবীণ বৰুৱা: শিশু শ্ৰমিক, শিশু নিৰ্যাতন, ভিক্ষাবৃত্তি আদি শিশুৰ অধিকাৰ খৰ্ব সম্পৰ্কীয় ওজৰ আপত্তিসমূহৰ শৃঙ্খলাবদ্ধ অভিযোগ গ্ৰহণ আৰু সমাধানৰ উদ্দেশ্যে বৃহস্পতিবাৰে দৰঙৰ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ চমুকৈ NCPCR বৈঠক অনুষ্ঠিত হ’ব।

এই উদ্দেশ্যে আজি বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া তথা জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে আইনী পৰামৰ্শদাতা অঞ্জলী গান্ধী, DEO সুশীল কুমাৰৰ দ্বাৰা গঠিত আয়োগৰ এটি দুজনীয়া দলে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৯০ নং নিজ ছিপাঝাৰ অংগণৱাড়ী কেন্দ্ৰ, শান্তিপাৰা অংগণৱাড়ী কেন্দ্ৰ, মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, মঙলদৈ অসামৰিক স্বাস্থ্য কেন্দ্ৰ, কস্তুৰী শিশু গৃহ আদি কেইবাখনো অনুষ্ঠান পৰিদৰ্শন কৰে।

দলটিয়ে জিলা পুথিভড়াল প্ৰাঙ্গণত আয়োজিত স্বাস্থ্য শিবিৰতো অংশগ্ৰহণ কৰে। কাইলৈৰ পৰা জিলা পুথিভড়াল প্ৰাঙ্গণত অনুস্থিত হ’বলগীয়া শিবিৰত আয়োগৰ সদস্য সচিব ৰূপালী বেনাৰ্জী সিঙে অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সুৰক্ষা আয়োগৰ দুজনীয়া দলটিয়ে জিলা প্ৰশাসনৰ বিষয়া, মূৰব্বী বিষয়াসকল, স্বেচ্ছাসেৱী সংগঠন আদিৰ লগত মিলিত হয় আৰু ৮ ডিচেম্বৰত হ’বলগীয়া শিবিৰ সম্পৰ্কে অৱগত কৰে।

লগতে পঢ়ক – স্পেইন (০) ০ বনাম মৰক্কো ৩ (০): বিশ্বকাপৰ Tactical Analysis

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply