টীয়ক: ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ৰ স্বতন্ত্ৰৰীয় সংস্থা নেহৰু যুৱ কেন্দ্ৰ, যোৰহাটৰ উদ্যোগত আৰু ৰেঙনি এটি আশাৰ সহযোগত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এদিনীয়া প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত হয়।
সভাত সঞ্চালনা কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ মণ্টু কুমাৰ বড়াই।
ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মাই আঁত ধৰা আৰু সংস্কৃতিক সম্পাদিকা বিনীতা শইকীয়াই শলাগৰ শৰাই আগবহুৱা অনুষ্ঠানটিত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া, টীয়ক ৰাজবাৰী বালিকা বিদ্যালয়ৰ শিক্ষয়ত্ৰী স্বৰ্ণলতা বৰুৱা, শিল্পী ঋতুৰাজ গোস্বামীয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
অনুষ্ঠানটোত ক’ভিডৰ সময়ত চিকিৎসা কৰ্মীসকলৰ ত্যাগৰ আধাৰত নিৰ্মিত চুটি ছবি যোদ্ধাৰ পৰিচালক তুষাৰ পাল, অভিনেত্ৰী অনু বৰা, ববী দত্ত, শিশু শিল্পী আদ্ৰিকা বৰায়ে যোদ্ধা নিৰ্মাণৰ আঁৰৰ বিশেষ সাৰঙ্গপাণি শইকীয়া আৰু উৎপল জ্যোতি খাউণ্ডক সম্বৰ্ধনা জনোৱা হয়।
টীয়ক প্ৰেছ ক্লাবৰ বিষয়ববীয়া ৰূপক জ্যোতি বৰা, স্মৃতি প্ৰিয়া লাহন, সাংবাদিক মদন মোহন পাগবনদ্ধা, কবি বিমান শইকীয়া, শংকৰ অজান জাতীয় বিদ্যালয়ৰ ৰেক্টৰ অভিজিত বৰুৱাকে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তি সকলে উঠি অহা প্ৰজন্মক নিচাযুক্ত সামগ্ৰীৰ পৰা বিৰত থাকি অনাগত দিনবোৰত ৰাজ্য তথা দেশখনক নিচামুক্ত হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত ড্ৰাগছ বিৰোধী অভিযানত যোৱা ২৪ ঘণ্টাত ৫ ধৃত যুৱক আটক