গোৰেশ্বৰ : তামুলপুৰ জিলাৰ গোৰেশ্বৰত আজি ৯ ফেব্ৰুৱাৰীত ১১ দফীয়া দাবীৰে বিটিআৰৰ প্ৰধানলৈ উত্তৰ পূৰ্বাঞ্চল সংখালঘু ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সংগঠনটোৱে তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি কেইবাটাও দাবী উত্থাপন কৰি বিটিআৰৰ প্ৰধানলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

দাবী উত্থাপন কৰি তামুলপুৰ জিলা সমিতিৰ সভাপতি হাফিজুল ইছলামে কয় যে বিটিআৰৰ শাসনাধিষ্ট ইউ পি পি এলৰ প্ৰধান প্ৰমোড বড়োই নিৰ্বাচনৰ পূৰ্বে নানান ধৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ দিঠকত পৰিণত নহ’ল।

আনহাতে সংগঠনটোৱে প্ৰমোড বড়োলৈ ১১ দফীয়া দাবী উত্থাপন কৰি লগতে আৰু কয় বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষত প্ৰাণ আহুতি দিয়া সংখ্যালঘু সকলক এককালীন সাহাৰ্য্য আৰু সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইবোৰ পূৰণ নহ’ল।

বিটিআৰ প্ৰধানলৈ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ শীঘ‌্ৰেই কাৰ্যকৰী কৰাৰ আহ্বান জনায় সংগঠনটোৱে।

লগতে পঢ়ক – জনপ্ৰিতাৰ ভুৱা প্ৰচাৰ! AIIMSত ছীট লাভ কৰা ৰাহুল দাসৰ সফলতাৰ কাহিনী মিছা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply