লখিমপুৰ: লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ডিক্ৰং নদীত শনিবাৰে এজন অৰুণাচলী যুৱকৰ অৰ্ধ -গলিত মৃতদেহ উদ্ধাৰ হয়৷

প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু এন ডি আৰ এফৰ জোৱানে অভিযান চলাই অৰুণাচল প্ৰদেশৰ নিৰজুলিস্থিত নেৰিষ্টৰ ইকাৰ টাকি (২১ ) নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে৷

উল্লেখ্য যে, যোৱা ১২ জুলাইত সমনীয়া বন্ধুৰ সৈতে পাৰে নদীত গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈ আছিল নেৰিষ্টৰ প্ৰযুক্তিবিদ্যাৰ স্নাতকৰ ছাত্ৰ গৰাকী৷

নিহত ইকাৰ টাকীৰ ঘৰ পাচিঘাটৰ মিৰিম গাঁৱত বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা থানাৰ আৰু অসমৰ হাৰমতী আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে ডিক্ৰং নদীৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ বাবে লৈ যায় ৷

লগতে পঢ়ক – ‘গগৈ’ টুইটৰ বাবে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply