গুৱাহাটী : বলীউড আৰু পাঞ্জাৱী সংগীতজগতত সংগীত পৰিচালক হিচাপে সুপ্ৰতিষ্ঠিত ৰাজবীৰ সিঙে অসমীয়া আৰু পাঞ্জাৱী ভাষাত প্ৰস্তুত কৰা “মায়াবিনী”শীৰ্ষক এটি গীত আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে।
সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিক-সামাজিক কৰ্মী উত্পল বনীয়াৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি ধনীৰাম কলিতা, সাংস্কৃতিক কৰ্মী অভিজিত শৰ্মা।
আৰ এছ প্ৰডাকচনৰ প্ৰয়োজনাত নিৰ্মিত স্বৰচিত গীতটিৰ সংগীত আৰু কণ্ঠদান কৰিছে ৰাজবীৰ সিঙে নিজে। সংগীত ব্যৱস্থাপনা সুমিত আচাৰ্যৰ। মিক্স এণ্ড মাষ্টাৰিং বিকাশ বৰুৱাৰ।
আনহাতে, দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে ৰাজবীৰ সিঙৰ লগতে বলীউড অভিনেত্ৰী হীনা কুমাৰীয়ে। তদুপৰি অসম আৰু মূম্বাইৰ বহুকেইগৰাকী নৃত্য শিল্পীয়ে গীতটিত অভিনয় কৰিছে। নৃত্যনিৰ্দেশনা কৰিছে ৰাজবীৰ সিঙে। চিনেমাট’গ্ৰাফাৰ সৌভিক শৰ্মা। সম্পাদনা কৰিছে জিত চৌধুৰীয়ে।
উল্লেখ্য যে মূলত পাঞ্জাৱ আৰু মূম্বাইৰ নিবাসী ৰাজবীৰ সিং জন্মসূত্ৰে অসমৰ। অসমৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবে ইতিমধ্যে অসমীয়া বিহু তথা আধুনিক গীতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে ৰাজবীৰে।
বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পী গুৰু ৰান্ধাৱা, নেহা কক্কৰৰ দৰে শিল্পীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কণ্ঠ নিগৰোৱা তথা সংগীত পৰিচালনা কৰা ৰাজবীৰ সিঙে ছলমান খান, শ্বাহৰুখ খানৰ দৰে ছুপাৰষ্টাৰৰ ইভেণ্ট মেনেজমেণ্টৰ সৈতেও জড়িত।
লগতে পঢ়ক – নৱ নিৰ্বাচিত মঙলদৈ পৌৰ সভাৰ খণ্ড আয়ুক্তসকলৰ শপত গ্ৰহণ