নিউজ ডেস্ক: পৃথক বড়োভূমিৰ দাবীত গঠন হৈছে এটা নতুন ছাত্ৰ সংগঠন। সোমবাৰে কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড চহীদ সমাধিক্ষেত্ৰত অনুষ্ঠিত এক সভাত গঠন কৰা হয় বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ BoNSU নামৰ সংগঠনটো।
সভাত সংগঠনটোৱে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে বড়োসকলৰ সামাজিক তথা ৰাজনৈতিক অধিকাৰসমূহ ৰক্ষা কৰাত বিফল হোৱা বুলি অভিযোগ কৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত নৱগঠিত সংগঠনটোৱে কয়, ‘ৰাষ্ট্ৰসংঘই ভূমিপুত্ৰসকলক পূৰ্বপুৰুষৰ ভূমি, বনাঞ্চল আৰু পানীৰ ওপৰত অধিকাৰ দিয়াৰ পিছতো ভাৰত চৰকাৰে বড়োসকলক এই অধিকাৰসমূহ প্ৰদান কৰাত ব্যৰ্থ হৈছে।’

সেয়ে সংগঠনটোৱে গণতান্ত্ৰিক ৰাস্তাৰে বড়োসকলৰ আৰ্থ-সামাজিক অধিকাৰ আৰু পৃথক গৃহৰাজ্যৰ দাবীত সংগ্ৰাম চলাই যাব বুলি এক সোমবাৰে সম্বোধন কৰা এখন সংবাদমেলত কয়।
আনহাতে, সংবাদমেল চলি থকাৰ মাজতে একাংশ যুৱকে সেই স্থানত উপস্থিত হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। উক্ত যুৱক কেইজনে আকস্মিকভাৱে সংবাদমেলত প্ৰৱেশ কৰি আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে সংগঠনটোৰ সদস্যসকলক অপদষ্ট কৰা বুলি BoNSU-ৰ নেতৃবৰ্গই অভিযোগ কৰে।
বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়নে দাবী কৰা মতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা যুৱকৰ দলটো বড়ো ছাত্ৰ সন্থা চমুকৈ ABSU-ৰ কোকৰাঝাৰ জিলাৰ সদস্য। তেওঁলোকে আৰু কয় যে ABSU-ৰ যুৱক কেইজনে BoNSU গ’ বেক ধ্বনি দিয়াৰ লগতে যদিহে তেওঁলোকে নতুন সংগঠন চলাই যায় তেন্তে ডাঙৰ সমস্যত পৰিব।
সোমবাৰে সংগঠনটোৱে বনজিৎ মঞ্জিল বসুমতাৰীক সভাপতি, Nijwm Gwra Brahmaক সাধাৰণ সম্পাদক, ৰংগুল বড়োক মুখপাত্ৰ, সমৰ বসুমতাৰী আৰু John Jubraj Islaryক যুটীয়া উপ সভাপতি হিচাপে লৈ এখন ১৬ জনীয়া কেন্দ্ৰীয় কাৰ্য্যবাহী কমিটি গঠন কৰে।
লগতে পঢ়ক – বাসুগাঁৱত সাংবাদিকৰ ওপৰত নিৰ্মম আক্ৰমণৰ ঘটনাক গৰিহনা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ