কলাক্ষেত্ৰত শপতগ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ বিধায়িনী দলৰ বৈঠকত দলৰ নেতা হিচাবে নিৰ্বাচিত হোৱাৰ পিছতে মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ সৈতে যুটীয়া বৈঠক অনুষ্ঠিত হয় ।
এই বৈঠকতে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত শৰ্মাই দিলে প্ৰথমটো ভাষণ আগবঢ়াই। ভাষণ প্ৰসংগত অগপ আৰু ইউপিপিএলক অভিনন্দন আৰু উষ্ম আদৰনি জনাই ।

সভাত উপস্থিত থকা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই । সভাত হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপি সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ।

ভাষণ প্ৰসংগত স্বাধীনতাৰ পিছত এইখনেই অকংগ্ৰেছী চৰকাৰ যি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিছে বুলি মন্তব্য কৰে হিমন্তবিশ্বই । প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচেষ্টাত উন্নয়নৰ তালিকাত স্থান লাভ কৰিছে অসমে ।


সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমি জাতিটোক বহুত আগুৱাই গৈছিল বুলি মন্তব্য কৰে হিমন্তবিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বতে আমি মূল্যবোধৰ ৰাজনীতি পাইছো বুলি মন্তব্য কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব বুলি কয় ।


সোমবাৰে ১২ বজাত নতুন চৰকাৰে শপত গ্ৰহন কৰিব বুলি কয় শৰ্মাই । আমি সমাজৰ সকলো ব্যক্তিলৈ হাঁহি বিয়পাব লাগিব বুলি বিধায়ক সকলক আহ্বান ড° শৰ্মাৰ । দেশৰ পাঁচ খন শীৰ্ষ ৰাজ্যৰ মাজত অসমক বহুৱাৰ সংকল্প লৈ আগবাঢ়িবলৈ সকলো নিৰ্বাচিত বিধায়কলৈ আহ্বান জনাই ।

এইসভাতেই সহযোগী দল অগপ আৰু ইউ পি পি এল দলে হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাবে নিজ দলৰ সমৰ্থন আগবঢ়াই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply