তেজপুৰ: তেজপুৰত এবিধ নতুন প্ৰজাতিৰ জিঞা উদ্ধাৰ কৰা হৈছে। জিঞা প্ৰজাতিটোক দুগৰাকী মহিলাৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ নামেৰে নামাংকিত কৰা হয়।

North East Network –ৰ প্ৰতিষ্ঠাপক মনিষা ‘বেন’ বেহাল আৰু Greenhub Foundation –ৰ প্ৰতিষ্ঠাপক ৰীতা বেনাৰ্জীৰ নামেৰে নতুন জিঞা প্ৰজাতিটোক, ব্ৰহ্মপুত্ৰ পিকটেইল- Platygomphus benritarum, নামাংকিত কৰা হয়।

গৱেষক শান্তনু যোশী আৰু অনুজা মিতলে এই জিঞাবিধক আৱিষ্কাৰ কৰে। ক’ভিড মহামাৰীৰ সময়ত তেওঁলোকে দুটা আকৰ্ষণীয় জিঞা দেখা পাইছিল বুলি জানিবলৈ দিয়ে।

ইয়াৰে Platygomphus benritarum নতুনকৈ আৱিষ্কাৰ কৰা প্ৰজাতি হয় যদিও Anormogomphus heteropterus নামৰ আনবিধ প্ৰজাতি কেইবা দশকৰ পিছত পুনৰ আৱিষ্কাৰ কৰা হয়। International Journal of Odonatology– ত এই সম্পৰ্কে গৱেষণা প্ৰকাশ পাইছে।

Anormogomphus heteropterus প্ৰজাতিৰ জিঞাবিধ ভাৰতত কেইবা দশকৰ পিছত পোৱা গৈছে যদিও ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰা আনটো প্ৰজাতি পিকটেইল (Platygomphus spp.)-ৰ অন্তৰ্গত সম্পূৰ্ণ নতুন প্ৰজাতি বুলি প্ৰমাণিত হৈছে,” শান্তনু যোশীয়ে কয়।

তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা প্ৰায় ৫–৬ মিটাৰ আঁতৰত ৰুদ্ৰ পাঠ মন্দিৰৰ ওচৰত এজোপা ডাঙৰ ফিকাছ গছত আবেলিৰ সময়ত Platygomphus benritarum নতুন প্ৰজাতিৰ জিঞাবিধ উদ্ধাৰ কৰা হৈছিল।

উত্তৰ-পূবৰ যুৱচামক প্ৰশিক্ষণ আদিৰ জৰিয়তে আগুৱাই নিয়াৰ দিশত কাম কৰি অহা মনিষা ‘বেন’ বেহাল আৰু পৰিৱেশ সুৰক্ষা, বহনক্ষম জীৱিকা, আৰু সামাজিক পৰিৱৰ্তন দিশত কাম কৰা ৰীতা বেনাৰ্জীক তেওঁলোকে যোগাই অহা বিশেষ অৱদানৰ প্ৰতি সন্মান জনাই জিঞা প্ৰজাতিটোক তেওঁলোকৰ নামেৰে নামাংকিত কৰা হয় বুলি ষোশীয়ে জনায়।

লগতে পঢ়ক – মৃত্যুৰ কিছু ঘন্টাৰ পূৰ্বে পৰিৱেশন কৰিছিল ‘হম ৰহে য়া না ৰহে কল’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply