কমাৰগাঁও, চন্দন বৰা: উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ মানসেৰে গোলাঘাট জিলাৰ কমাৰগাঁৱত এখন স্থায়ী খেলপথাৰ নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

দেওবাৰে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ বৰাৰ পৌৰোহিত্যত খেলপথাৰ প্ৰতিষ্ঠা সমিতিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

উক্ত সভাত সমিতিৰ সম্পাদক প্ৰশান্ত বৰাই ২০১২ চনৰ পৰা কমাৰগাঁৱত এখন স্থায়ী খেলপথাৰ প্ৰতিষ্ঠাৰ বাবে লৈ অহা পদক্ষেপ আৰু ইয়াৰ নিৰ্মাণ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰাৰ লগতে খেলপথাৰ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন উৎসৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।

সভাত খেলপথাৰ নিৰ্মাণ কৰা সম্পৰ্কে সমাজকৰ্মী বিৰিঞ্চি নেওগ, সুৰেন গগৈ, মধ্য মহুৰা গাঁও পঞ্চায়তৰ সভাপতি তেজশ্ৰী ফুকন, গাঁও প্ৰধান লোকেশ্বৰ হাজৰিকা, শিক্ষক মহেশ্বৰ ৰবিদাস, ৰুণ বৰা অক্ষয় নেওগ আদিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

সভাই সৰ্বসন্মতি মৰ্মে বৰ্তমানৰ সমিতিখন সম্প্ৰসাৰণ কৰি প্ৰদীপ চাংমাই বৰুৱাক সভাপতি, প্ৰতাপ চন্দ্ৰ বৰাক কাৰ্যকৰী সভাপতি, প্ৰশান্ত বৰাক সম্পাদক, অক্ষয় নেওগক সহ-সম্পাদক হিচাপে লৈ সমিতিখন পুনৰ গঠন কৰে।

তদুপৰি সভাই কম দিনৰ ভিতৰত প্ৰাক কলন প্ৰস্তুত কৰিবলৈ সমিতিক কৰ্তৃত্ব প্ৰদান কৰে। কমাৰগাঁৱত খেলপথাৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশত এইয়া এক সবল পদক্ষেপ হ’ব বুলি স্থানীয় ৰাইজে আশা কৰিছে।

লগতে পঢ়ক – উত্তৰপ্ৰদেশৰ ২য় পৰ্যায়ৰ নিৰ্বাচনঃ ১১ বজালৈকে ২৩.০৩% ভোটদান…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply