গুৱাহাটী : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে সদৰী কৰাৰ পিছত আজি শনিবাৰে প্ৰকাশ কৰা হয় ক’ভিডৰ নতুন এছ অ’ পি। অহা সোমবাৰ অৰ্থাৎ ২৮ জুনৰ পৰা এসপ্তাহৰ বাবে এই নতুন SOP কাৰ্য্যকৰী হ’ব।

সেই অনুসৰি কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ ১০ খন জিলাত সান্ধ্য আইনৰ সময় সন্ধিয়া ৫ বজাৰ পৰা পুনা ৫ বজালৈ সলনি কৰা হৈছে।

কামৰূপ মহানগৰৰ উপৰি সন্ধিয়া ৫ বজাৰ পৰা পুনা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব লগীয়া জিলা কেইখন হৈছে দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি।

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা অসম বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত

আনহাতে, মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা আৰু বোকাখাত মহকুমাত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন।

সন্ধিয়া ৫ বজাৰ পৰা পুনা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হোৱা জিলা কেইখনত দোকান পোহাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়বোৰ, হোটেল, ৰেষ্টুৰেণ্ট আদি ৪ বজালৈ খোলা ৰাখিব পাৰিব।

বাকি জিলাসমূহত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্যত আইন বাহাল থাকিব বুলি জাননীত প্ৰকাশ কৰা হৈছে। এই জিলা বিলাকত ১ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply