গুৱাহাটী: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ‘উন্নয়নমূলক’ কাম-কাজৰ ওপৰত প্ৰস্তুত কৰা এটা সংগীত এলবাম আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই শিৱ কুমাৰ বাৰ্মাৰ ইউটিউব চেনেল ‘MELODIOUSLY SHIVA’ত মহাযোগী হিমন্ত শীর্ষক অডিঅ’-ভিডিঅ’ গানটো আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই গানটোৰ ৰচনা, কণ্ঠ আৰু সুৰ দিছে গায়ক শিৱ কুমাৰ বাৰ্মাই। গানটো মুকলি কৰি বিধায়ক ভট্টাচাৰ্য্যই কয় যে গায়ক বাৰ্মাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘উন্নয়নমূলক’ কাম-কাজক এই গীতটোৰ জৰিয়তে অতি সুন্দৰভাৱে দাঙি ধৰিছে।
গীতটোত বলপূর্বক চান্দা সংগ্রহ, ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ, শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ কৰা কামৰ কথা উল্লেখ কৰা হৈছে বুলি তেওঁ কয়।
এই সন্দৰ্ভত গায়ক বার্মাই কয় যে মুখ্য মন্ত্রীৰ কাম-কাজত প্ৰভাৱিত হৈ তেওঁ মাত্ৰ এদিনতে এই গানটো লিখি উলিয়াইছিল। এই অডিঅ’-ভিডিঅ’এলবামৰ সংগীত আৰু মিশ্ৰণ কৰিছে জিন্টু বৰদলৈয়ে। আনহাতে গানটোত বিটুল কোঁৱৰে সম্পাদনা আৰু মুন তালুকদাৰে চিনেমাটোগ্রাফী কৰিছে।
এলবামটোৰ দৃশ্যগ্ৰহণ চন্দ্ৰপুৰত কৰা হৈছে। তেওঁ কয় যে গুৱাহাটীত বৰ্তমান জিএমচিৰ নিৰ্বাচন পূর্ণ গতিত চলি আছে। সেয়ে তেওঁ নিৰ্বাচন আৰু ৰঙালী বিহুৰ ঠিক আগতে এই গীতটো মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়ক – ছবি জগতত এইবাৰ ‘চিকাৰ’ কৰিব জুবিন গাৰ্গে