ছয়গাঁও: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ পিছতে থানাত দালালী কৰা লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা সময়তে যোৱা নিশা ছয়গাঁও আৰক্ষীয়ে ৮জনকৈ দালালক আটক কৰিবলৈ সক্ষম হয়।

নিশা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক সহ ছয়গাঁও, গৰৈমাৰী আৰু জোৰশিমুলি আৰক্ষীৰ যৌথ অভিযানত মাজগুমীৰ মহিৰুদ্দিন আহমেদ, গৰৈমাৰীৰ আব্দুল কালাম আজাদ, গৰৈমাৰী সত্ৰ তথা বিজেপি নেতা ৱাজেদ আলী, ইউচুফ আলী, হাতীপাৰাৰ আইনাল হ’ক, কানহাৰাৰ আইনুল আলী, জোৰশিমুলি টপাপথাৰ গাঁৱৰ নজৰুল ইছলাম আৰু বাহাৰ আলীক আটক কৰে।

সম্প্ৰতি বকো আৰু ছয়গাঁও আৰক্ষীয়ে নিশা আটক কৰা দালাল কেইজনক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ জেৰাৰ বাবে প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে এই দালালকেইজনৰ এগৰাকী শাসকীয় দলৰ সদস্য আৰু আইনাল হক নামৰ হাতীপাৰা লোকজন এখন চৰকাৰী স্কুলৰ চকীদাৰ হোৱাৰ বিপৰীতে বাকী কেইগৰাকী মিত্ৰজোঁট অগপ দলৰ সদস্য।

লগতে পঢ়ক- সৌন্দৰ্য্যবৰ্ধন আৰু আধুনিকীকৰণৰ নামত নুমলীগড় শোধনাগাৰৰ চৰম ভেকোঁ-ভাওনা

আনহাতে নগাঁৱতো দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে ১২ জনকৈ দালালক। এইলোকসকলে নগাঁও জিলাৰ বিভিন্ন থানাত দীৰ্ঘ দিনে কৰি আহিছিল দালালি।
থানাৰ বাহিৰত দীৰ্ঘ দিনে চলাই অহা দালালি প্ৰতাপত গোচৰ দিবলৈ গ’লে দালালৰ কবলত পৰে সাধাৰন লোক।
দেওঁবাৰে নিশা আৰক্ষীয়ে চলাই দালালৰ বিৰুদ্ধে অভিযান চলাই। জিলাখনৰ ৰূপহী থানাই নিশা আটক কৰে ৪ জন দালালক। চামগুৰি থানাই আটক কৰে ১ জনক, নগাঁও সদৰ থানা আৰু কামপুৰ থানাই ১জনকৈ লোকক আটক কৰিছে। নিশাই সৰ্বমুঠ ২৫ জন দালালৰ বিৰুদ্ধে চলাইছিল নগাঁও আৰক্ষীয়ে অভিযান মুখ্যমন্ত্ৰীয়ে নগাঁৱত বাহৰ পাতি থকাৰ সময়তে দালালৰ বিৰুদ্ধে চলিল অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply