গুৱাহাটী : বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ তলব কৰিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক। পুৱা ১০.৩০ বজাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা লগ ধৰিব দুয়ো গৰাকী নেতাই। পুনৰবাৰ সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ব আজিয়েই সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।
কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, পাঁচদিনীয়া এই জল্পনা কল্পনাৰ অন্ত পৰাৰ পথত। শনিবাৰে অৰ্থাৎ আজি সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা উভয়কে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীলৈ তলৱ কৰিছে। আজি পুৱাই গুৱাহাটীৰ পৰা একেখন বিমানতে দুয়ো দিল্লীলৈ ৰাওনা হ’ব। যোৱা পাঁচদিন এই বিষয়টো লৈয়েই ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছিল যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব।
উল্লেখ্য যে যোৱা ২ মে’ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। অসমত বিজেপি দলৰ পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে যদিও কাৰ নেতৃত্বত বিজেপিয়ে অসমত অহা পাঁচ বছৰ শাসন চলাব ইয়াকেলৈ চলিছে চৰ্চা।
লগতে পঢ়ক: বৃহস্পতিবাৰে ৰাজ্যত কভিডত আক্ৰান্ত হৈ মৃত্যু হ’ল ৪৬ জন লোকৰ