কাইলৈ গুৱাহাটীত হ’বলগা বিজেপি বিধায়িনী দলৰ সভাতেই নিৰ্ণয় হ’ব কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী ।
জেপি নাড্ডাৰ বাসগৃহত হিমন্তবিশ্ব আৰু সৰ্বানন্দ সোনোৱালৰ পৃথক পৃথক বৈঠক আৰু একেলগে হোৱা মুঠ তিনিখন বৈঠকত উলিয়াব নোৱাৰিলে সমাধানৰ সুত্ৰ ।
বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “কাইলৈ গুৱাহাটীত বিজেপিৰ সংসদীয় দলৰ বৈঠক কাইলৈ হোৱাৰ সম্ভাবনা আছে তাতেই সকলো উত্তৰ আপোনালোকে পাব ।”
আৰু পঢ়কঃ পৃথকে পৃথকে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছে সৰ্বানন্দ-হিমন্ত
কোন হ’ব অসমৰ মুখ্যমন্ত্ৰী তাক লৈ দিল্লীত অনুষ্ঠিত হয় তিনিখনকৈ গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক । প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত কেন্দ্ৰীয় নেতৃত্ব ।
এঘন্টাৰো অধিক সময় আলোচনাৰ অন্তত হিমন্ত বিশ্ব শৰ্মা ওলাই যোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দিল্লীৰ বাসভৱনৰ পৰা বৈঠকত অংশ লবলৈ সভাপতি জে পি নাড্ডাৰ সৈতে মিলিত হয় ।
তাৰ পিছত দুয়োজনৰ সৈতে আলোচনাত বহে । উক্ত বৈঠকতে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ।