লখিমপুৰ, অংকুৰ নৰহ: বিশেষজ্ঞ কমিটি, দল-সংগঠন তথা অসমৰ ৰাইজৰ জনমত, সংশয় আৰু প্ৰবল প্ৰতিবাদক অগ্ৰাহ্য কৰি গেৰুকামুখত পূৰ্ণগতিত নিৰ্মাণকাৰ্য চলি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এতিয়া প্ৰকৃতিৰ ৰোষত পৰিছে।

যোৱা কিছুদিন ধৰি অৰুণাচল প্ৰদেশত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত শনিবাৰে মাজনিশা নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোৰ পাৱাৰ হাউচৰ ওপৰৰ এখন গাৰ্ড ৱালৰ এটা বৃহৎ অংশ ভাঙি পৰে। ফলত সম্প্ৰতি গাৰ্ড ৱালৰ ভঙা অংশৰে বৈ অহা পানীৰ ঢলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ইয়াৰ ফলত NHPC কৰ্তৃপক্ষই আজি সাময়িকভাৱে বান্ধৰ কাম-কাজ বন্ধ ৰাখিছে বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে NHPC-ৰ কাৰিকৰী বিশেষজ্ঞই কাম এৰি পলায়ন কৰাৰ খবৰ আহিছে। তদপুৰি প্ৰকল্পৰ কামত নিয়োজিত প্ৰায় ৬ হাজাৰ শ্ৰমিকক সাময়িকভাৱে প্ৰকল্পস্থলী এৰাৰ নিৰ্দেশ দিয়া হৈছে।  

উল্লেখযোগ্য যে, মাত্ৰ কিছুদিন পূৰ্বে পাৱাৰ হাউচৰ ওপৰৰ বাঁও অংশৰ দেৱালত একেই দুৰ্ঘটনা সংঘটিত হৈছিল। যোৱা ১৬ ছেপ্তেম্বৰত ২ নং টানেলৰ ওপৰৰ এখন গাৰ্ড ৱালৰ বৃহৎ অংশ ভাগি পৰিছিল। ২ আৰু ৩ নং টানেল ভাঙি পানী আবদ্ধ হৈ পৰাত পানীৰ প্ৰবল হেঁচাত ভাগি পৰিল গাৰ্ড ৱালখন।

শনিবাৰে মাজনিশা পাৱাৰ হাউচৰ সোঁ অংশৰ গাৰ্ড ৱাল ভাঙি পৰাত সম্প্ৰতি NHPC জলবিদ্যুৎ প্ৰকল্পৰ view point-লৈ যোৱা বাটছোৱা বন্ধ হৈ পৰাৰ লগতে পাৱাৰ হাউছ সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰে।

উল্লেখযোগ্য যে ভূতাত্ত্বিকভাৱে এক সংবেদনশীল অঞ্চলত নিৰ্মাণৰত বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে ই নদী, মানুহ আৰু সামগ্ৰিকভাৱে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাব পেলাব বুলি অসমৰ মানুহে সদায় সংশয় প্ৰকাশ কৰি আহিছে।

এনেস্থলত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বেই জলবিদ্যুৎ প্ৰকল্পটোত ঘটা এটাৰ পিছত এটা অঘটনে ৰাইজৰ মনত শংকা যেন অধিক প্ৰকত কৰি তুলিছে।  

লগতে পঢ়ক – কাজিৰঙাত নিশা জীপ চাফাৰী কৰাক কেন্দ্ৰ কৰি সদগুৰু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply