শিলচৰ: মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-ই দেওবাৰে কৰিমগঞ্জ জিলাত এহাল দম্পতীক আটক কৰে।
এক সূত্ৰৰ পৰা জানিব পৰা মতে দেওবাৰে পুৱা প্ৰায় ৭.১৫ বজাত NIA-ৰ এটা দলে শিলচৰৰ পৰা প্ৰায় ৯০ কিঃমিঃ দূৰত্বত অৱস্থিত কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ সোনিখিৰাত অভিযান চলাই ৰাজু ওৰাং আৰু তেওঁৰ পত্নী পিংকী ওৰাঙক নিজ বাসগৃহৰ পৰা আটক কৰে।
NIA-ৰ দলটোৱে তেওঁলোকৰ ঘৰটোত তালাচী চলাই এটা লেপটপ, ৬ ডাল পেঞ্চিল, বিভিন্ন স্থানীয় খবৰ কাগজৰ পেপাৰ কাটিং, এখন মেপ, দুটা মোবাইল ফোন আৰু আন কিছু সামগ্ৰী জব্দ কৰে।
দুয়োজনকে আটক কৰি অনুসন্ধানকাৰী দলটোৱে তেওঁলোকক পাথৰকান্দি আৰক্ষী থানালৈ লৈ যায়। থানাত দুয়োকে জেৰা চলোৱা হয় যদিও সাংবাদিকৰ আগত NIA-ৰ দলটোৱে বিষয়টো সম্পৰ্কত কোনো তথ্য ফাদিল কৰা নাই।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যোৱা ৬ মাৰ্চত কাচাৰ জিলাৰ উধাৰবন্দ সমষ্টিত NIA -ই এগৰাকী শীৰ্ষ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টচাৰ্য্য ওৰফে কাঞ্চন দাক গ্ৰপ্তাৰ কৰিছিল। তেওঁৰ পৰায়ে NIA-ই ৰাজু আৰু পিংকীৰ বিষয়ে তথ্য লাভ কৰা বুলি সন্দেহ কৰা হৈছে।
লগতে পঢ়ক – বিশ্বনাথত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰা