নিউজ ডেস্ক: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-ৰ বিশেষ আদালতে অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেনে’ড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ জু-ৰোডত অৱস্থিত ‘গুৱাহাটী চেন্ট্ৰেল শ্বপিং মল’ৰ সন্মুখত সংঘটিত গ্ৰেনে’ড বিস্ফোৰণত ১২ গৰাকী ব্যক্তি আহত হৈছিল।
অনুসন্ধানকাৰী সংস্থাটোৱে দাখিল কৰা অভিযোগনামাৰ ওপৰত ভিত্তি কৰি NIA-ৰ বিশেষ আদালতে পাপু কোঁচ, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰৰ বিৰুদ্ধে ২/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰে।
নিয়াৰ আদালতে জনাই যে পাপু কোঁচৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২/৩০৭/৩২৬/১৬(১)(খ) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/২০/২৩/২৫(১)(খ)/৩৫ ধাৰা আৰু বিস্ফোৰক আইনৰ ৩/৫/১৮(খ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়।
আনহাতে জাহ্নৱী শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২ ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৬/১৬(১)(খ)/১৮/১৯/২৩(১)/৩৮/৩৯ ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ ২৫(১) ধাৰা আৰু বিস্ফোৰক আইনৰ ৫ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।
আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২ ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৬(১)(খ)/১৮/২৩(১)/৩৮/৩৯ ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ ২৫(১)(খ)/৩৫ ধাৰা আৰু বিস্ফোৰক আইনৰ ৫ ধাৰাৰ অধীনত চলোৱা হ’ব গোচৰ প্ৰক্ৰিয়া।
চিন্ময় লহকৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৬(১)(খ)/১৮/২০/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়।
ইন্দ্ৰমোহন বৰাৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/১৯/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব । আনহাতে অমৃত বল্লভ গোস্বামীৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৮(খ)/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব।
সঞ্জীৱ তালুকদাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব। আনহাতে প্ৰকাশ ৰাজকোঁৱৰৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/৩৮/৩৯ ধাৰাৰ অধীনত ৰুজু কৰা হয় গোচৰ।
আদালতে অহা ২৪ ফেব্ৰুৱাৰীত গোচৰটোৰ প্ৰমাণ দাখিল কৰাৰ দিন ধাৰ্য্য কৰিছে।
লগতে পঢ়ক – কাজিৰঙাত বন ধ্বংস এতিয়াও চলি আছে বিভাগীয় পত্ৰত উদঙাইছে এই তথ্য