প্ৰবীণ বৰুৱা, মঙলদৈ: সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা প্ৰায় ২০বছৰ ধৰি আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা, দৰং জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয় বাবত থাকি নেতৃত্ব বহন কৰা মঙলদৈ দেওমৰনৈৰ আছুকৰ্মী নিৰঞ্জন শইকীয়াই অব্যাহতি ললে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা।
নিৰঞ্জন শইকীয়াই জনোৱা মতে ১৯৯৯ চনৰ পৰা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰৱেশ কৰি ২০০৫ চনত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে মনোনীত হৈছিল।
২০০৭ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱা শইকীয়া ২০০৮ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বাচনি লাভ কৰে।
একেদৰে ২০০৮ মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰা শইকীয়াই ২০১২ চনত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
২০১৩ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পদ অলংকৃত কৰা নিৰঞ্জন শইকীয়াই ২০১৫ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। একেদৰে ২০১৭ চনত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ২০১৯ চনত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পদ অলংকৃত কৰে।
একেদৰে২০২০ চনত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াই ২০২০ চনত সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিবেশনত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হয়।
বৰ্তমান নিৰঞ্জন শইকীয়া দৰং কেঞ্চাৰ চেন্টাৰৰ এগৰাকী কৰ্মচাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত দীঘলীয়া সময়ৰ বাবে ছাত্ৰ সন্থাৰ মজিয়াত সেৱা আগঢ়োৱা শইকীয়াই স্বেচ্ছাই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি লয়। শইকীয়া দৰং কেঞ্চাৰ চেন্টাৰৰ এগৰাকী কৰ্মচাৰী হোৱাৰ উপৰিও ছাত্ৰ অৱস্থাৰে পৰা দৰং জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কাম কৰি আহিছে।
লগতে পঢ়ক – অসম-মেঘালয় সীমান্তত উত্তেজনা, আৰক্ষীৰ গুলীত নিহত তিনি মেঘালয়ৰ বনদস্যু