তিনিচুকীয়া : হেলমেট পৰিধানৰ প্ৰতি বাইক আৰোহীসকলক সচেতন কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনে এক নতুন নিয়ম আৰম্ভ কৰিছে। ‘নো হেলমেট, নো পেট্ৰ’ল’ নিয়মৰ অধীনত হেলমেট পৰিধান নকৰিলে জিলাখনৰ কোনো পেট্ৰ’ল ডিপুত এতিয়াৰ পৰা বাইক চালকসকলে পেট্ৰ’ল ভৰাব নোৱাৰিব।
১৫ জুনৰ পৰা এই নতুন নিয়ম বলৱৎ হ’ব বুলি সোমবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত জিলা উপায়ুক্তই স্বাক্ষৰ কৰা এখন নিৰ্দেশনাত কোৱা হৈছে।
ক্ৰমে বৃদ্ধি পাবলৈ ধৰা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিৰ্দেশনাটোত কোৱা হয়।
লগতে পঢ়ক : APSCৰ ফলাফল ঘোষণাৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ

নিৰ্দেশনাটোত কয়, ‘ইতিমধ্যে প্ৰতিটো পেট্ৰ’ল ডিপুৰ সন্মুখত স্পষ্টকৈ জিলিকি থকাকৈ ‘no helmet, no petrol’ বুলি লিখা এখন ফলক লগাবলৈ নিৰ্দেশ দিয়া হৈছে।’
‘ইয়াৰ মূল উদ্দেশ্যে হৈছে মানুহৰ জীৱন সুৰক্ষিত কৰা। আনকি ক’ভিডৰ নিষেধাজ্ঞা আৰু সান্ধ্য আইন থকাৰ পিছতো দুৰ্ঘটনা বৃদ্ধি পোৱা দেখা গৈছে,’ তিনিচুকীয়াৰ জিলা পৰিবহণ বিষয়া বুবুল গগৈয়ে ইষ্টম’জ’ক কয়।
তেওঁ লগতে কয়, ‘দেখাদেখিকৈ অধিকতৰ ক্ষেত্ৰতে দুচকীয়া বাহনসমূহ বেছিকৈ দুৰ্ঘটনাত পতিত হয়। আৰু বেছিভাগ আৰোহীয়েই হেলমেট পৰিধান নকৰে।’ এক সূত্ৰই জনোৱা মতে, জিলা প্ৰশানসনৰ নিৰ্দেশনা নমনা পেট্ৰ’ল ডিপুসমূহক জৰিমনা বিহা হ’ব।