কমাৰগাঁও, চন্দন বৰা: ৰাজ্যৰ নাট্য জগতত এক বিশেষ স্থান অধিকাৰ কৰা বিশিষ্ট নাট্য সাধক, নাট পৰিচালক, ভ্ৰাম্যামান জগতৰ বলিষ্ঠ অভিনেতা প্ৰতাপ কলিতা আৰু নাই ৷

ৰাজ্যৰ নাট্য জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি আজি নিৰলে বিদায় ল’লে গোলাঘাট জিলাৰ মহুৰামুখ হাঁহচৰা গাঁৱৰ শিল্পী প্ৰতাপ কলিতাই। 

মহুৰামুখৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ অগ্ৰণী ভুমিকা গ্ৰহণ কৰা মহুৰামুখ হাঁহচৰাৰ নিবাসী প্ৰতাপ কলিতাৰ (৫৬) আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ১৯৮৯-৯০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কলিতাই সেই সময়ৰ পৰাই ক্ৰীড়া আৰু নাটকৰ প্ৰতি আকৃষ্ট হৈ পৰৱৰ্তী সময়ত মহুৰামুখ যুৱ নাট্য সংঘই প্ৰতি বছৰে প্ৰদৰ্শন কৰি অহা পূৰ্ণাংগ নাটৰ পৰিচালনা কৰাৰ লগতে বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল। 

বিগত প্ৰায় ২০ বছৰতকৈ অদিক কাল আশীৰ্বাদ, কাঞ্চনজংঘা, মন্দাকিনীকে ধৰি কেইবাখনো আগশাৰী নাট্যদলৰ ব্যৱস্থাপক আৰু অভিনেতা হিচাপে অসমৰ লাখ লাখ দর্শকক আপ্লুত কৰি ৰাখিছিল। 

আজি অভিনেতা গৰাকীৰ নশ্বৰ দেহ যোৰহাটৰ পৰা পোনে পোনে মহুৰামুখ হাইস্কুল নিয়া হয় আৰু স্কুলৰ কতৃপক্ষই শ্ৰৰ্দ্ধাঞ্জলি জনোৱাৰ পিছত মহুৰামুখ  নাট্য মন্দিৰত যুৱক সংঘই শ্ৰৰ্দ্ধাঞ্জলি জনোৱাৰ পিছতে নাট্যমন্দিৰৰ পৰা হাঁহচৰাস্থিত বাসগৃহলৈ অনুৰাগী শুভাকাংক্ষী  ৰাইজে পদযাত্ৰাৰে আগবঢ়াই নিয়ে ৷

শিল্পী গৰাকীৰ মৃত্যুত মহুৰামুখ যুৱ নাট্য সংঘ, মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থা, মহুৰামুখ ব্যৱসায়ী সন্থা, মহুৰামুখ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লগতে কুৰিতকৈও অধিক দল সংগঠনে, অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কলিতাই মৃত্যুৰ সময়ত এগৰাকী কন্যা আৰু পত্নীক এই সংসাৰত এৰি গৈছে৷

লগতে পঢ়ক – খুমটাইৰ সেন্দুৰিটিঙত ট্ৰেইনৰ খুন্দাত এজনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply