বোকাখাত/ উত্তম কুমাৰ শৰ্মা : ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। এইবাৰ নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ চি হাৰ্বেলৰ লগতে তেওঁৰ পৰিয়াল ক’ভিডত আক্ৰান্ত হৈছে।

যোৱা মঙলবাৰৰ পৰা জ্বৰ, কাঁহত ভুগী আছিল অধ্যক্ষ গৰাকী। বুধবাৰে কভিড পৰীক্ষাৰ অন্তত কভিডত আক্ৰান্ত হোৱাৰ কথা নিজে জানিব পাৰি অধ্যক্ষ গৰাকীয়ে ফোন যোগে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীকো এইকথা অৱগত কৰাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোককে ক’ভিড পৰীক্ষা কৰোৱাবৰ বাবে আহ্বান জনায়।

শীতকালীন বন্ধ থকা বাবে নুমলীগড় দিল্লী পাব্লিক স্কুল যোৱা মঙলবাৰৰ পৰাহে খুলিবলৈ আৰম্ভ কৰাৰ লগতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান আৰম্ভ কৰিছিল৷ আন শ্ৰেণী সমূহত বৰ্তমান অনলাইন পাঠদান চলি আছে। অৱশ্যে অধ্যক্ষ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাত বিদ্যালয়খন আজিৰ পৰা বন্ধ ঘোষণা কৰ হৈছে।

উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ অধীনস্থ নগৰাঞ্চলত বিগত ২৪ ঘন্টাত ১০ জনৰো অধিক লোকৰ দেহত ক’ভিড ধৰা পৰা বুলি জানিবলৈ দিছে বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জন কুমাৰ মহন্তই।

ইতিমধ্যে শোধনাগাৰটোৰ অধীনস্থ নগৰাঞ্চলত ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ ৰেপিড এন্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰ নমুনা সংগ্ৰহ কৰি বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ে যাবতীয় ব্যবস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক – বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply