চন্দন বৰা, কমাৰগাঁও: বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বিশিষ্ট লেখক-শিক্ষাবিদ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক ‘শিক্ষাশ্রী’ উপাধি প্ৰদান কৰে স্বেচ্ছা সেৱী সংগঠন বোকাখাত গণমঞ্চই।

উল্লেখযোগ্য যে এটা ভাল শৈক্ষিক পৰিৱেশৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ, ফল-মূল, শাক পাচলি বাৰী, ভিন্ন ৰঙী ফুলেৰে চৌপাশ সেউজীয়া হৈ থকা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দেশৰ সীমা চেৰাই বিদেশতো চর্চা লাভ কৰিছে।

দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আপুৰুগীয়া তথা কালৰ গতিত হেৰাই যাব ধৰা সম্পদসমূহ সংৰক্ষণৰ কাৰণে ‘কলা কৃষ্টি কুটীৰ’ নামৰ এটা ক্ষুদ্ৰ সংগ্ৰাহালয় প্ৰতিষ্ঠা কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ শইকীয়াই।

ইপিনে বিদ্যালয়খনৰ ‘মেথ লেব’ অসমৰ ভিতৰতে অন্যতম। এনে দৰে বিদ্যালয়খনক প্ৰাকৃতিক সৌন্দৰ্যৰে আটকধুনীয়াকৈ সজাই জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰি উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আজি বিশ্ব পৰিৱেশ দিৱসত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক ‘শিক্ষাশ্রী’ উপাধি প্ৰদান কৰা হয়।

ইতিপূর্বে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাও লাভ কৰাৰ লগতে বিদ্যালয়ৰ চৌহদ সেউজ কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাৰ কাৰণে মহেন শইকীয়াই গ্ৰাছ গ্রীণ এৱার্ড লাভ কৰিবলৈ সক্ষম হৈছে।

ইপিনে কেইবাখনো তথ্য সম্বলিত গ্ৰন্থ প্ৰকাশ কৰিছে শইকীয়াই। শইকীয়াক ‘শিক্ষাশ্রী’ উপাধি প্ৰদান কৰাত গোলাঘাট জিলা সাংবাদিক সন্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, মহুৰামুখ প্ৰেছ ক্লাব, নুমলীগড় আঞ্চলিক সাংবাদিক সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনে আদৰণি জনাইছে।

লগতে পঢ়ক – বিনামূলীয়া গছপুলি বিতৰণ আৰু ৰোপন কাৰ্যসূচীৰে বোকাখাতত বিশ্ব পৰিৱেশ দিৱস পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply