বোকাখাত, উত্তম কুমাৰ শৰ্মা: বুধবাৰে নুমলীগড় শোধনাগাৰৰ অসম বায়’ ৰিফাইনেৰীৰ মূখ্য প্ৰবেশদ্বাৰত ৰিফাইনেৰীটোৰ শ শ নিৰ্মাণ শ্ৰমিকে দ্বাৰ সভাৰ জৰিয়তে সাৱ্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷

শোধনাগাৰটোৰ বায়’ ৰিফাইনেৰী বিভাগত কৰ্মৰত শ্ৰমিকসকলক পি এফ, ই এছ আই চি, অভাৰ টাইম আদিকে ধৰি বিভিন্ন সুবিধা তথা শ্ৰমিকসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অতি নিম্নতম মজুৰীৰে খটুৱাই থকাৰ অভিযোগত কৰ্তৃপক্ষ তথা নিৰ্মাণ কোম্পানীসমূহৰ বিৰুদ্ধে শ শ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে শ্ৰমিকৰ ভবিষ্যনিধি, স্বাস্থ্যসেৱা, সুৰক্ষা, নিৰাপত্তা আদি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত শ্ৰমিকসকলে ইয়াৰ পূৰ্বে শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে বহুবাৰ আলোচনাত মিলিত হৈছিল যদিও আজিপৰ্যন্ত কোনো সুফল লাভ নকৰাৰ তোলে।

অহা এসপ্তাহৰ ভিতৰত উল্লেখিত দাবীসমূহৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ নকৰিলে অসম বায়’ৰিফাইনেৰীৰ নিৰ্মাণকাৰ্য অচল কৰি দিয়াৰ সকিয়নী প্ৰদান কৰে নুমলীগড় ৰিফাইনেৰীৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন আৰু বায়’ ৰিফাইনেৰী নিৰ্মান ঠিকা শ্ৰমিক ইউনিয়নে৷

লগতে পঢ়ক – ক্ষেত্ৰীত চোকা অস্ত্ৰসহ আটক দুই দুধৰ্ষ চোৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply