কমাৰগাঁও, চন্দন বৰা: শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত আৰু বোকাখাত জিলা শাখাৰ আতিথ্যত কমাৰগাঁৱৰ বৰদিহিঙিয়া নামঘৰত অহা ২৩ জুলাইত এদিনীয়া কাৰ্যসূচীৰে বিচাৰক আৰু সম্পাদনা সম্পকীয় এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে।
২৩ জুলাইত পুৱা ৮ বজাত নাম প্ৰসংগৰে আৰম্ভ হ’বলগীয়া কৰ্মশালাখন সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্ধোধন কৰিব। মুখ্য অতিথি হিচাপে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ উপস্থিত থাকিব।
আনহাতে সংঘৰ সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাৰ সঞ্চালনাত পুৱা দহ বজাত বিচাৰক কৰ্মশালা আৰু শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ জগত চন্দ্ৰ কলিতাৰ সঞ্চালনাত দিনৰ দুই বজাত সম্পাদনা সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত হ’ব।
উক্ত কৰ্মশালাত শঙ্কৰ সংঘৰ জিলা শাখা সমূহৰ পৰা ৭ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে নিজ নিজ জিলা শাখাৰ পৰা অনুমোদন লৈ কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব বুলি সদৰী কৰিছে সংঘৰ সাহিত্য শাখাৰ সম্পাদক ড০ মানস প্ৰতীম বৰাই।
লগতে পঢ়ক – অসমলৈ দুই কোটি টকাতকৈ অধিক বান সাহায্য Walmart, Flipkart-ৰ