বৰহাট: চৰাইদেউ জিলাৰ সাপেখাতীত ট্ৰেইনৰ খুন্দাত এজন লোকে প্ৰাণ হেৰোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য মতে চৰাইদেউৰ সাপেখাতীৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ উৰনীয়া সেঁতুৰ তলৰ ট্ৰেইনৰ খুন্দাত এজন লোক নিহত হয় ৷
নিহত ব্যক্তিগৰাকীক সাপেখাতী টাইৰাই বাদুলীপাৰা গাঁৱৰ প্ৰদীপ মাঝি (৪৫) বুলি চিনাক্ত কৰা হৈছে৷
পৰিয়ালৰ সৈতে টিংখাংৰ হালমাৰিৰ পুৰণি ঘৰলৈ বুলি গৈ থকা অৱস্থাতে উজনিমুৱা এখন ট্ৰেইন ইঞ্জিনৰ খুন্দাত মাঝিৰ শৰীৰ ছিন্ন বিছিন্ন হৈ পৰে।
লগতে পঢ়ক – এলন মাস্কৰ টুইটক লৈ পুনৰ বিতৰ্ক