কমাৰগাঁও, চন্দন বৰা : গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত সেন্দুৰীটিঙত যোৱা নিশা গুৱাহাটীৰ পৰা মৰিয়নিলৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত এজন লোকে মৃত্যুক সাবটি লয়।

জানিব পৰা মতে খুমটাইৰ সেন্দুৰীটিঙৰ লেঙেৰা ভূমিজ নামৰ লোকজনে বজাৰ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেইনৰ খুন্দাত চাইকেলৰ সৈতে উফৰি পৰে লোকজনৰ মৃতদেহ আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

পিছত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰে। উক্ত শোকাৱহ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক – ৰঙিয়াত নকল সোণসহ এজন আটক  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply