বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাত আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতিবাৰে নিষিদ্ধ ড্ৰাগছসহ এজন যুৱকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পুৱা বোকাখাতত এখন যাত্ৰীবাহী বাছৰ পৰা আৰক্ষীয়ে হেৰ’ইনসহ যুৱকজনক আটক কৰে। ধৃত যুৱকজনক নুমলীগড়ৰ ধোদাঙৰ গৌতম বাঢ়ৈ বুলি চিনাক্ত কৰা হৈছে।

গোলাঘাটৰ ৰঙাজানৰ পৰা গুৱাহাটী অভিমুখে গৈ যাত্ৰীবাহী বাছখনৰ পৰা ১৩ গ্ৰাম হেৰ’ইনসহ যুৱক আটক কৰা হয় বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে।

সম্প্ৰতি বোকাখাত আৰক্ষীয়ে ধৃত যুৱকজনক আৰক্ষী থানাত নি সোধা-পোচা চলাই আছে।

লগতে পঢ়ক – বুধবাৰে ৰাজ্যত ১৭৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,462 other subscribers

Leave a comment

Leave a Reply Cancel reply