হোজাই: শনিবাৰে নিশা হোজাই জিলাৰ ডবকাৰ শালবাগানত সংঘটিত এক গুলীচালনাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা প্ৰায় ১১ বজাত সংগতিত হয় উক্ত ঘটনা।

আৰক্ষীৰ গুলিত আহত হয় চামছুল হক নামৰ এজন ডকাইত। প্ৰাপ্ত তথ্য মতে ডকাইত চামচুলক লগত লৈ নিশা মাৰণাস্ত্ৰ বিছাৰি ডবকাৰ শালবাগানত আৰক্ষীয়ে অভিযান চলাইছিল।

চামচুলৰ ঘৰৰ পৰা মাৰণাস্ত্ৰসহ কেইবা জাঁই গুলি উদ্ধাৰৰ পাছত ডবকাৰ শালবাগানত লুকাই ৰখা মাৰনাস্ত্ৰ বিছাৰি উক্ত অভিযান চলোৱা হৈছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে আৰক্ষী জোৱানক গতিয়াই চামচুল হকে পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰাত লোকজন ভৰিত আঘাটপ্ৰাপ্ত হয়।

পিছত আহত লোকজনক প্ৰথমে ডবকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক ডবকাৰ পৰা নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ধৃত চামচুল হকৰ ঘৰ লংকাৰ লস্কৰ পথাৰত। আৰক্ষীৰ জেৰাত লোকজনে ডবকাৰ শালবাগানত বহু পৰিমাণৰ মাৰণাস্ত্ৰ লুকাই ৰখাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply