নিউজ ডেস্ক: মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত চিৰাঙত পুনৰ সংঘটিত হৈছে আন এক এনকাউন্টাৰৰ ঘটনা। মঙলবাৰে নিশা চিৰাং আৰক্ষীৰ গুলীত এজন দুৰ্ধৰ্ষ ডকাইত নিহত হয়। নিহত ডকাইতজনক মনজিত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ এনকাউন্টাৰত নিহত ডকাইত মনজিত বসুমতাৰী চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কিষানবাজাৰ-খামাৰপাৰাত মঙ্গলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি চিনাক্ত বুলি আৰক্ষীয়ে দাবী কৰিছে।

কালি নিশাৰ এনকাউন্টাৰ সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই জানিবলৈ দিয়া মতে কালি নিশা মনজিত বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰেলষ্টেশ্যন অভিমুখে গৈ থকাৰ সময়তে ৰেলষ্টেচশ্যনৰ সমীপৰ ৰেলগেটৰ পৰা চিৰাং আৰক্ষীয়ে আটক কৰে।

তাৰ পিছত চিৰাং আৰক্ষীয়ে মনজিত বসুমতাৰীক মঙলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো উলিয়াই দিবলৈ সোধপোচ কৰাত মনজিতে পিষ্টলটো আই নৈৰ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখাৰ কথা সদৰী কৰে।

পিছত অভিযানকাৰী আৰক্ষীৰ দলে মনজিত বসুমতাৰীক লৈ হাগ্ৰামা দলঙৰ ওচৰত লৈ যোৱাত মনজিতে মাটিৰ তলত লুকাই ৰখা পিষ্টলটো দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা চলাওতে আৰক্ষীয়ে খেদি খেদি গৈ গুলীচালনা কৰাত মনজিত বসুমতাৰী গুলীবিদ্ধ হৈ বাগৰি পৰে।

পিছত আৰক্ষীয়ে গুলীবিদ্ধ মনজিত বসুমতাৰীক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মনজিত বসুমতাৰীক মৃত বুলি ঘোষনা কৰে ।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply